এটি সোণবৰণীয়া প্ৰভাতলৈ

Rinku Rajowar
0
মোৰ নিস্তব্ধতাৰ মালাধাৰিক 
স্পৰ্শিলে এপাহ ৰজনীগন্ধাই,
নিসঙ্গতাৰ অঙ্গিনাক জীপাল কৰিলে এজাক বৃষ্টিৰ বন্যাই,
উকা অন্তৰক শীতল মলয়াই 
লজ্জাৰে আৱৰিছে,
কাৰাৰুদ্ধ দেহে সোণাৰুৰ দলিচাত বাগৰ সলাইছে।
জোনাকীয়ে বাৰে বাৰে যোগাইছে সমল 
হাঁহিৰ খলকনিৰ,
পালোঁ সুবাস মই
এটি সোণপখিলীৰ।
ই যে নহয় কোনো
ঘোপা অন্ধকাৰৰ ক্ৰন্দন,
এইয়া উজ্জ্বল প্ৰভাতৰ 
এক সোণবৰণীয়া বাতাবৰণ।
                
   📝 সুদ্বীপ্তা বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)