সংঘৰ্ষপৰা সফলতা,খণ্ড -০৫

©Admin
0

বাপেকৰ মৃত্যুৰ পাছত সৌৰভে হাঁহিবলৈ পাহৰিলে এইফালে মাকৰো চিন্তাত দিনক দেহাটো ৰোগী হবলৈ ধৰিলে আজি মাকৰ অৱস্থা একেবাৰে বেয়া এইপিনে ডবা পিটা বৰষুণ আৰু গুমগুম মেঘৰ গাজনি তাতে বিজুলীৰ চিকমিকনি সৌৰভ চাইকেলখন লৈ ঔষধ আনিবলৈ তিনিআলিলৈ ওলাল ৷

ফাৰ্মাচীৰপৰা ঔষধ লৈ লৰালৰিকৈ উভতিল ঘৰত আহি দেখে মাকৰ মাত বোল একো নাই সি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে তাৰ কান্দোন শুনি ওচৰচুবুৰীয়া গোট খালে ইতিমধ্যে মাকৰ মৃত্যু হৈছে গাৱঁৰ মহিলাখিনি য়ে সৌৰভক বুজাই নাকান্দিবা ভাগ্যৰ লিখা কোনে মচিব পাৰে ৷ কিছুপৰৰ পাছত মাকক অগ্নিমুখী কৰিলে সৌৰভে কান্দি কান্দি মুখাগ্নি দিলে ৷

মাক বাপেকৰ মৃত্যুৰ পাছত সৌৰভ অনাথ আৰু অসহায় হৈ পৰিল কিছুদিন চুবুৰীয়াসকলে দি চলালে কিন্তু সদায় দি চলাব নোৱাৰে গতিকে সৌৰভে বাগানত কাম কৰাৰ সিদ্ধান্ত ল'লে ৷ এদিনাখন বাগান অফিচত গৈ উপস্থিত হ'ল কিন্তু তাক বয়স ওঠৰ বছৰ নোহোৱাৰ বাবে বাগানত কাম তাক নিদিলে ৷ সি নিৰাশ নহৈ তিনিআলিত গৈ দোকান এটাত কাম বিচাৰিলো দোকানীয়ে ক'লে " ঠিক আছে তোৰ দুখৰ কথা শুনি কাম এটা দিছো ৰাতিপুৱা ন বজাত আহি যাবি " সৌৰভে ক'লে " ৰাতিপুৱা মোৰ স্কুল আছে মই  আবেলি তিনি বজাত আহিম " দোকানীয়ে প্ৰথমে মান্তি হোৱা নাছিল সৌৰভে কাকুতি মিনতি কৰাৰ পাছত দোকানীয়ে ক'লে " হব বাৰু কিন্তু টকা পোন্ধৰ শহে দিম সৌৰভে হব বুলি কৈ ঘৰলৈ উভতিল ৷ 

📝 দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)