তোমাৰ মৃত্যুত আমি গোটেই ৰাজ্যই
উচুপিছাে ।
দুখ পাইছাে ।
আমি চকুলো টুকিছাে তোমাৰ মৃত্যুত ।
হৃদয় বিদাৰি যোৱা ঘটনাই বাৰুকৈয়ে
চিন্তাত পেলাইছে - দেশ নিৰাপদ নহয় ।
সামান্য এখন টুলৰ বাবে নৰপিশাচহঁতে
কাঢ়ি নিলে তোমাৰ জীৱন
কি মনোবৃত্তিৰ মানুহ ।
নিসংশ হত্যাকান্ড
বৰ্ব্বৰ আদিম যুগৰ মানুহৰ নিচিনা
মনােবৃত্তিৰ ।
আমি অসমীয়া জাগিবা কেতিয়া
নিজৰে দেশতে দুৰ্ভোগ আমাৰ ।
ঋতুপৰ্ণৰ আধৰুৱা আত্মাই
বিছাৰি ফুৰিছে নিশ্চয়
ফুল কুমলীয়া পুত্ৰ
আৰু জীৱনৰ লগৰীক ।
নিঃশেষ কৰি থৈ গ'ল
এটা পৰিয়াল
পিতৃহীন পুত্ৰই জীৱনৰ সতে এমাদিমাৰ পৰাই যুঁজিব লাগিব ।
নিজৰ জীৱনৰ লগৰীৰ
বুকু শুদা জীৱনৰ আৰ্ত্তনাদৰ মূল্য
কোনে দিব ?
অসহায় হৈ গ'ল
সেই নাৰী
জীৱনৰ সংগীৰ অকাল মৃত্যুত ।
শ্বাস-প্ৰশ্বাস বন্ধ কৰি দিছিল
সেই হত্যকাণ্ডই ।
আমি প:পৃৰ গোষ্ঠীৰ তৰফৰ পৰা
এমুঠি হলেওঁ
স্বামীহীনা ভনীক সহায় কৰিবলৈ
দৃঢ় সংকল্পবদ্ধ হৈছাে ॥
তোমাৰ আত্মাৰ শান্তি কামনা কৰি
শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ ।
লগতে শােক সন্তপ্ত পৰিয়ালবৰ্গলৈ
মােৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ ॥
ওঁম শান্তি - ওঁম শান্তি -ওঁম শান্তি
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ