মা-এটা মমতাময়ী কৰুণ কাহিনী,খণ্ড -০৭

©Admin
0

পুতেকৰ যোৱাৰ পৰা মাকৰ অৱস্থা বৰ দয়নীয় হৈ পৰিল মানৱে মাকলৈ অকণমানো ভয় নকৰা হ'ল কথাই প্ৰতি কথা কাটিবলৈ ধৰিলে দিনেৰাতিয়ে গাৰ্লফ্ৰেণ্ডৰ লগত মস্তি কৰি থাকে অন্য দিনৰ দৰে আজিও চুটবুট লগাই মানৱ যাবলৈ লওঁতে মাকে আগভেটি ধৰি ক'লে " কলৈ যোৱা তোৰ কলেজ নাই নেকি ? মানৱে তপৰাই উত্তৰ দিলে কলেজলেৈকে যাব ওলাইছো আজি এক্সট্ৰা ক্লাছ হব চাগে মোৰ দেৰি হব বুলি কৈ ওলাই গল ৷ মাকে দেৱৰ ফটোখনত হাত ফুৰাই " মোৰ সোণ তই কেতিয়া আহিবি মই আৰু নোৱাৰো মানৱক চম্ভালিব বুলি কৈ চকুলো টুকিবলৈ ধৰিলে ৷

এইফালে মানৱে  গাৰ্লফ্ৰেণ্ডজনীক লৈ পাৰ্কত বহি কথা পাতি আছে ৷গাৰ্লফ্ৰেণ্ডজনীয়ে মানৱৰ হাতত ধৰি ক'লে " তুমি মোৰ বাবে কি কৰিব পাৰা ? মানৱে হাত দুখন মহাৰি " মই তোমাৰ কাৰণে প্ৰাণলৈকে দিব পাৰো " গাৰ্লফ্ৰেণ্ডজনীয়ে মিচিকিয়া হাঁহি মাৰি " হয়নে মোৰ কাৰণে প্ৰাণো দিব পাৰা এইয়া তো সকলো প্ৰেমিকে কয় বাৰু তোমাৰ প্ৰাণ মোক নালাগে তু মি তোমাৰ মাকৰ কলিজাটো মোক আনি দিব পাৰিবা ? মানৱে তপৰাই ক'লে সচাকৈয় তেন্তে ৰবা মই দহ মিনিটত আহি আছো বুলি কৈ বাইক তুৰন্তে দৌৰালে ৷ ঘৰত মাকে ভাত ৰান্ধি আছিল পিতেকৰ জোতাৰ শব্দ শুনি ক'লে " মানৱ ইমান সোনকালে আহিলা মানৱে কাষত থিয় হৈ মাকলৈ ক্ষন্তেক নিৰৱে চাই মনতে ক'লে মা মোক ক্ষমা কৰিবা মই মোৰ গাৰ্লফ্ৰেণ্ডজনীক কথা দিছো বাবেই তোমাৰ হত্যা কৰিবলৈ বাধ্য ৷ মাকে আকৌ মাত লগালে কি হ'ল ? মানৱে ক'লে মা চকু বন্ধ কৰাচোন ৷ মাকে ক'লে কিয় ? মানৱে অধীৰ হৈ ক'লে " কৰানা ৷ মাকে চকু জপাই ক'লে এয়া লোৱা চকু বন্ধ কৰি দিলো এতিয়া ৷ মানৱে হাতত লৈ থকা চকচকীয়া চুৰিখন নিৰ্মমভাৱে মাকৰ পেটত ভৰাই দিলে দেৱ বুলি এক বিকট চিঞৰ মাৰি মাক বাগৰি পৰিল মানৱে মা মা বুলি কৈ মাকক বুকুৰ মাজত সাবটি ল'লে ৷ মাকে কেঁকাই কেঁকাই ক'লে " মানৱ মোৰ নিচিনা দুখীয়াৰী মাক কিয় মাৰিলা ? মানৱে কান্দি কান্দি ক'লে মোক ক্ষমা কৰিব মা মোৰ গাৰ্লফ্ৰেণ্ডে মোক তোমাৰ কলিজাটো বিচাৰিলে সেইবাবে মই তোমাক মাৰিব লগা হ'ল মাকে মূৰত হাত ফুৰাই " সোণ তই সখত থাকা যোৱা মোৰ কলিজাটো লৈ যোৱা " মানৱে নিৰ্দয়তাৰে মাকৰ বুকুখন ফালি কলিজাটো লৈ গাৰ্লফ্ৰেণ্ডৰ ওচৰ পালেগৈ গাৰ্লফ্ৰেণ্ডজনীয়ে একেলেথাৰিয়ে মানৱলৈ চাই জোৰকৈ কাণতলীয়া চৰ এটা সুধাই দি " মুৰ্খ প্ৰেমীক মইতো তোমাৰ পৰীক্ষা লৈছিলো তুমি সচাকৈয়ে নিজৰ জন্মদাত্ৰীক নিৰ্মমভাৱে হত্যা কৰি দিলা তোমাৰ হাত কঁপি উঠা নাছিল নেকি এই নিচ কাম কৰোতে এতিয়া বুজিলো যিয়ে নিজৰ জন্ম দিয়া মাকৰ হব নোৱাৰিলে সি মোৰ কেনেকৈ হব পাৰে মোকো এদিন কাৰোবাৰ কথাত গৈ হত্যা কৰি দিবা নাই নাই তোমাৰ নিচিনা বিশ্বাসঘাটী ব্যক্তিৰ লগত সম্পৰ্ক গঢ়াটো সম্ভৱ নহয় যোৱা এতিয়া জেলত প্ৰেম কৰিবা ইতিমধ্যে পুলিচ আহি উপস্থিত হৈছেহি মানৱক এৰেষ্ট কৰি লৈ গ'ল তাৰ গাৰ্লফ্ৰেণ্ডজনীয়ে হিয়া উজাৰি কান্দিবলৈ ধৰিলে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)