মাতৃ

©Admin
0
মাতৃক হেৰুৱাওতে
গমেই পোৱা নাছিলো
আঁৰে আঁৰে
বিছাৰি ফুৰিছিলো
তোমাৰ ছৱি ।
নেদেখিলো
তোমাৰ ছায়া - ছৱি ।
তুমি মাথো মােৰ 
অনুভূতি হৈ থাকিলা জীৱনত ।

বাস্তৱত মোক নুৱাই - ধুৱাই
থিয় হবলৈ শিকালে যিয়ে
তেওঁ মাহী -মা ।
মোৰ প্ৰতিটো দুখত দুখী
মোৰ প্ৰতিটো সমস্যাৰ 
অংশীদাৰ হোৱা তুমি ।

মোৰ বাবে তুমি কি কৰা নাই
তুমি মোৰ শোকত দুখী ।
সেই মহান হৃদয়ক
কেনেকৈ অৱজ্ঞা কৰো ।

মােৰ মাহী -মা মহান
তেওঁৰ পদ ধুলি
মোৰ জীৱনৰ আশীৰ্ব্বাদ ।

মােক পৃথিৱীত থিয় দিবলৈ
শিকালে তেওঁ মোৰ মাহী - মা নহয়
"তেওঁ মােৰ মা" ।
কোনেও নকবা মাহীমাক বুলি -
"মােৰ মা" তেওঁ।

মোৰ জীৱনৰ প্ৰতিটো উশাহৰ খবৰ ৰাখে
মোৰ জীৱন সংগ্ৰামৰ সতে সদায় জড়িত
মােৰ আই  - মোৰ মা 
মোৰ জীৱন ৰক্ষাকৰ্ত্তা ।

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)