তোমাৰ হৃদয়ত মৰমৰ মৌ

©Admin
0
পলকতে তোমাৰ বুকুৰ পৰা
কাঢ়ি আনিব পাৰোঁ 
মৰমৰ মৌ
দিবা জানোঁ তুমি মোক সন্মতি 
মোৰ হৃদয়ত এতিয়া
তোমাৰ বাবে বাঢ়িছে মাথোঁ
আৱেগৰ ঢৌ !!
স্পৰ্ধা নকৰিবা মোক 
বিচাৰো মই তোমাৰ
শাৰীৰিক সম্বন্ধীয় বোৰ !!
যৌৱনোদ্দীপ্তৰে উজলি থকা
তোমাৰ সেউজীয়া হৃদয়ৰ
পৰশ লবলৈ
এতিয়া যে মই বৰ ব্যাকুল !!
বিচাৰি পাওঁ মই 
তোমাৰ হৃদয়ত মাধুৰ্য গুণ !!
ভৰ্ৎসনা নকৰিবা মোক
তুমি যদি বিচৰা
পলকতে তোমাৰ বুকুৰ পৰা
কাঢ়ি আনিব পাৰো মৰমৰ মৌ !!
তোমাৰ নীলাজ চাৱনিৰে
এতিয়া মাথোঁ মোৰ মন
মতলিয়া কৰি তুলে !!
ফেনে-ফোটোকাৰে ওফন্দি উঠে
মোৰ সেউজীয়া হৃদয়ত তেজৰ ঢৌ !!
মৌন হৈ নাথাকিবা তুমি
উৎফুল্ল হৈ সময়ৰ সন্ধিক্ষণত
বিচাৰিবা মোক !!
মোৰ চাঞ্চল্য মনে 
দেখো মাথোঁ তোমাৰ সপোন !!
পলকতে কাঢ়ি আনিম 
তোমাৰ সেউজীয়া হৃদয়ৰ 
      মৰমৰ মৌ !!
  
      📝বিনিতা বৰা
      হোজাই জিলা
      লংকা (কাকী -৩
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)