নিস্তব্ধ জোনাকৰ গছৰ ছাঁ
আৰু পুখুৰীৰ পাৰ
মােৰ লগৰীয়া ।
কথাপাতো ছাঁৰ সতে
কথাপাতো আকাশৰ সতে
কাকাে দোষ নিদিও
নিজেই নিজকে বিছাৰি যাওঁ
নিজকে শুধাে কি কৰিছা ?
মইজনীয়ে উত্তৰ নিদিয়ে
নিৰ্জ্জনতা নিৰলিপ্ততাই
মন আগুৰি ধৰে ।
কিয়, কোনেও নাজানে ।
আশাৰ বেলুনতো ফুলাব নােৱাৰিলে
মন পূজা পূজা নালাগে ।
ভাবাে !
নিজান -বনো কৰোবাৰ লগৰীয়া হ'ব পাৰেনে !
নিজান- বনো মানুহৰ জীৱন-ধাৰণৰ -শৈলী
হয়নে?
"তেনে মনৰ - মন পুখুৰীত"
তুমি বৰশী মাৰিবলৈ অহা বুলি
হঠাতে উভতি চালো !
নাই !
এজোৰা পানী কাউৰীয়েহে
পুখুৰীৰ পাৰত পৰিলেহি ।
তেতিয়া মন কৰিলো
অঁ পানী কাউৰীহে!!
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ