নিৰ্মলপ্ৰভা

©Admin
0
দুহাতত ফুল গুজি 
আকুল মিনতিৰে তৰা হৈ আকাশ চোৱাৰ বাসনা  তোমাৰ জ্যোতিৰ্ময়ী ।
কৈশোৰৰ অজেয় সাধনাৰে মহীয়সী নাৰী,
হাজাৰ ধুমুহাতো বিভ্ৰান্ত নহয় তোমাৰ সাহস,সংযম, ধৈৰ্য আৰু সৃষ্টিৰ ৰহঘৰা ।
জীৱনৰ দীঘ  আৰু বাণিৰে সমৃদ্ধ প্ৰতিটো প্ৰহৰত 
ৰুণ দিয়া শান্তিৰ কপৌজনীৰ সন্ধানত অবিৰত যাত্ৰা তোমাৰ সত্য, সুন্দৰ সংস্কৃতিৰ  বাটেদি ।
সৰস্বতী তুমি, 
নিবেদিলা মহাৰ্ঘ সাহিত্যৰ বেদীত, 
গীত,,  কবিতা,প্ৰবন্ধ  অনেক 
সৃষ্টিশীল  কালজয়ী ৰচনাৰে।
অসমীয়া কলা সংস্কৃতিৰ  সুৱদি  সুৰীয়া অমিয়া সুৰেৰে 
 জীপাল তোমাৰ প্ৰাণ; 
সুললিত কণ্ঠৰে উচচাৰিলা সেয়েহে জীৱনৰ জয়গান ।
সংগ্ৰামী জীৱন যাত্ৰাৰে  মহিয়ান  নাৰী তুমি 
 হে  আলোকময়ী, 
প্ৰণামো তোমাক! 
মমতাময়ী নাৰী তুমি নিৰ্মলপ্ৰভা, 
জোনাকী মায়াৰে হৃদয় পৰশি 
দিয়া যেন শুভাশিস! 
তোমাৰ দৰদী প্ৰাণৰ  আকুলতাৰে আমিও যেন   লভো সৃষ্টিৰ অযুত  প্ৰেৰণা
 মা, মাটি আৰু মানুহক ভাল পাবলৈ।
হে সাহিত্য, সংস্কৃতিৰ  আজীৱন সাধিকা, 
পবিত্ৰ দিনত তোমাক  জনালো প্ৰণাম! !, 

সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই মোৰ  কবিতাটি  আগবঢ়ালো।  

 📝ৰীতামণি বৰদলৈ
 (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)