তেওঁ কৈছিল
সেউজীয়া হৈ থাকিম
তোমাৰ ভালপোৱাৰ অৰণ্যত।
লঠঙা ডালতে আঁকিম
জীৱনৰ বৰ্ণিল ছবি।
মই সুধিলো-
জীৱন মানে কি…
ভালপোৱাৰ প্ৰয়োজন কি?
স্থায়ী কি অস্থায়ী
আৰু বিশ্বাসবোৰ?
তেওঁ কলে
জীৱন এখিলা হালধীয়া পাত,
ভালপোৱাবোৰ পানীমেটেকা।
আ•••• বুলি একো নাই
আৱেগে অবাবত কলিজা কঁপাই,
বিশ্বাসবোৰ আচলতে
বিৰাট একোটা শূণ্যতা।
📝প্ৰবীণ দত্ত
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ