আশ্ৰয়

©Admin
0
আই ঢুকোৱা আজি ছমাহ হৈ গৈছে। ভনীজনীক যেনে তেনে বামলৈকে বিয়া দিলোঁ। আমি দ' ঠাইৰ মানুহ, বাৰিষাত সাতোৰিবইতো লাগিব।পানীয়ে ঘৰৰ পিৰালি চুইছে। দেউতাৰ মনটো সেমেকা.... আইৰ অন্তিম ঠাইলৈ ৰ' লাগি চাই আছে।বুজি পাইছোঁ মইও,মোৰো বুকুখনত হেৰুৱা দুখ এটাই খুন্দিয়াই আছে। দৌৰি গৈ আইৰ মৰিশালীৰ কাষত দীঘল বাঁহ এডাল দ' কৈ পুতি থৈ আহিলোঁ। আইৰ আশ্ৰয় ..... 'আই' তাতে আছে বুলি থকা মনৰ বিশ্বাসকণ পলয়ঙ্কাৰী বানে যেন উটুৱাই নিনিয়ে...! কোবাকুবিকৈ গোহালিৰ গৰু দুজনী আৰু দেউতাৰ হাতত ধৰি মথাউৰি ফালে খোজ ললোঁ। আশ্ৰয় বিচাৰি।

📝ববিতা শইকীয়া
      দেৰগাঁও 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)