কোন জিলাত কিমান সময়ত আৰম্ভ আৰু কিমান সময়ত সমাপ্ত হব বলয়াকাৰ সূৰ্য্য

©Admin
0

আজি ২১ জুন ২০২০ আজিৰ দিনটো বছৰৰ আটাইতকৈ বেছি দীঘলীয়া দিন আৰু আজিয়ে আছে বছৰৰ প্ৰথমটো বলয়াকাৰ সূৰ্য গ্ৰহণ ৷ আজি অসমৰ কোন কোন জিলাত আৰু কিমান সময় সূৰ্য্য গ্ৰহণ আৰম্ভ হব আৰু শেষ হব ৷ তাৰ আগতে আপোনালৈ বিশেষ অনুৰোধ যে খোলা চকুৰে পোনপটীয়াকৈ সূৰ্য্য গ্ৰহণ পৰিদৰ্শন নকৰিব এনে কৰিলে আপোনাৰ চকুৰ ক্ষতি হব পাৰে গতিকে সূৰ্য্য গ্ৰহণ উপভোগ কৰিবলৈ ৰঙা বা কলা বৰণৰ চশমা নাইবা  এক্সৰে ফটোৰ দ্বাৰা চাব পাৰে ৷  পুৱা ন বাজি ১৬ মিনিটত আৰম্ভ হব সূৰ্য্য গ্ৰহণ আৰু দুপৰীয়া ১২ বাজি ১০ মিনিটত সূৰ্য্য গ্ৰহণৰ প্ৰভাৱ সৰ্বাধিক হব ৷ ৩ বাজি ৪ মিনিটত এই সূৰ্য্য গ্ৰহণ সমাপ্ত হব এতিয়া কৈছো অসমৰ বিভিন্ন প্ৰান্তত সূৰ্য্য গ্ৰহণ আৰম্ভ হোৱাৰ সময় আৰু শেষ হোৱাৰ সময় ৷

১/ গুৱাহাটীত ১০ বাজি ৫৭ মিনিটত আৰম্ভ , দুপৰীয়া ১২ বাজি ৪৫ মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৪ মিনিটত সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

২/ ডিব্ৰুগড়ত ১১ বাজি ৭ মিনিটত আৰম্ভ , দুপৰীয়া ১২ বাজি ৫৪ মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৯ মিনিটত সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

  ৩ /যোৰহাটত ১১ বাজি ৫ মিনিটত আৰম্ভ , ১২ বাজি ৫২ মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৮ সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

৪/ তেজপুৰত ১১ বজাত  আৰম্ভ ১২ বাজি ৪৮ মিনিটত প্ৰভাৱ বেছি হব , ২ বাজি ২৫ মিনিটত সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

৫/ নগাঁওত ১১ বজাত  আৰম্ভ ১২ বাজি ৪৮ মিনিটত প্ৰভাৱ বেছি হব , ২ বাজি ২৫ মিনিটত সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

৬/ শিৱসাগৰত ১১ বাজি ৬ মিনিটত আৰম্ভ , ১২ বাজি ৫৪  মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৯ সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

৭/ তিনিচুকীয়াত যোৰহাটত ১১ বাজি ৫ মিনিটত আৰম্ভ , ১২ বাজি ৫২ মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৮ সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

৮/ যোৰহাটত ১১ বাজি ৪ মিনিটত আৰম্ভ , ১২ বাজি ৫২ মিনিটত প্ৰভাৱ বেছি হব আৰু ২ বাজি ২৮ সমাপ্ত হব সূৰ্য্য গ্ৰহণ ৷

বিজ্ঞানীসকলে এই দীঘলীয়া সূৰ্য্য গ্ৰহণৰ ওপৰত বিভিন্ন মতামত ব্যক্ত কৰে এক দীঘলীয়া সময় ধৰি অন্ধকাৰময় হব পৃথিৱী যাৰ ফলত মহাজাগতিক পৰিঘটনাৰ পৰিলক্ষিত হব পাৰে আৰু হয়তো কৰ'না ভাইৰাছৰ ওপৰত প্ৰভাৱ পৰিব এই বলয়াকৃতিৰ সূৰ্য্য গ্ৰহণৰ ঠিক তেনেদৰে জ্যোতিষ শাস্ত্ৰতো এই সূৰ্য্য গ্ৰহণক লৈ নান মতামত পোষণ কৰে কিছুমান ৰাশিৰ মানুহৰ জীৱনতো এই সূৰ্য্য গ্ৰহণৰ প্ৰভাৱ পৰিব ৷ যিয়ে নহওক কিয় প্ৰকৃতিৰ পৰিঘটনা ঘটিবই এইক্ষেত্ৰত আমি সতৰ্ক থকাতো বাঞ্ছনীয় ৷


📝 দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)