দেওপাহাৰ অধ্যয়ন,খণ্ড -০৫

©Admin
0

ভাৰত চৰকাৰৰ প্ৰত্নতাত্বিক বিষয়া আৰ ডি বেনাৰ্জীৰ মতে দেওপাহাৰৰ ভাস্কৰ্যসমূহ নৱম দশম শতিকাৰ ৷ মন্দিৰটোৰ ভগ্নাৱশেষ দৃশ্যমান কীৰ্তিমুখৰ শিল্পৰূপৰ সৈতে ভাৰতৰ বৌদ্ধস্তুপৰ প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা যায় দেওপাহাৰত পৰিত্যক্ত অৱস্থাত থকা শৈল ভাস্কৰ্য সমূহৰ শিৱৰ মুকুট,বহল বক্ষ আৰু নিতম্ব , সৰু কঁকাল , দীঘলীয়া মুখ, চেপেটা নাক আৰু বেশভূষাই মাংগালীয় জনগোষ্ঠীয় সভ্যতাৰ ইংগিত বহণ কৰিছে ৷ এই পাহাৰত থকা বিষ্ণুমূৰ্তিৰ দেহৰ সাজপাৰ , আ অলংকাৰ আদিও সুন্দৰকৈ শিলত কটা আছে ৷ দেওপাহাৰৰ শিলৰ মজিয়া আৰু অন্তৰ্ভাগৰ মজিয়াত বহু সংখ্যাক মনোৰম ভাস্কৰ্য খোদিত কৰা দৃশ্যমান হৈ ৷

এইসমূহ ভাস্কৰ্যৰ ভিতৰত আছে সূৰ্য্য , চন্দ্ৰ , পদুমৰ পাহী , গণেশ উৰন্ত বিদ্যাসাগৰ , শিৱৰ ত্ৰিপুৰাৰী কীৰ্তিসমূহ , উৰন্ত অন্সৰা আৰু গন্ধৰ্ব,কৃষ্ণ, বিভিন্ন যুদ্ধৰ ছবি,নৰ মুণ্ডৰ ছবি,উড়ালত ধান খুন্দাৰ দৃশ্য আদি ৷আজিও ঘূৰণীয়া এই মন্দিৰটোৰ আশেপাশে সিঁচৰতি হৈ থকা বিভিন্ন ভাস্কৰ্যই অপূৰ্ব কলাশৈলীৰ নিদৰ্শন বহণ কৰি আহিছে ৷

ঠিক সেইদৰে মন্দিৰটোৰ দেৱালৰ উপৰিও মন্দিৰটোৰ গাত লতা ফুল , জীৱ জন্তুৰ ভাস্কৰ্য খোদিত থকাৰ উপৰিও শিলত থকা দৃশ্য সমূহত ৰামায়ণ মহাভাৰতৰ কাহিনী খোদিত কৰা আছে ৷

📝মহেন শইকীয়া


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)