কৰোণা কৰোণা কিনো তোমাৰ লীলা।
চীন দেশত জন্ম হৈ আহি তুমি
গোটেই বিশ্বজুৰি পৃথিৱীতে মহামাৰীৰ ৰূপ ললা ।
মানুহক আক্ৰান্ত কৰিলা,
লকডাউন কৰিলা,
লগতে মানুহক আৰ্থিকভাৱে জুৰুলাও কৰিলা ।
তোমাৰ পৰা বাচিবৰ বাবে মানুহে মুখত মাস্ক পিন্ধিছে
চেনিটাইজাৰেৰে হাত ধুইছে।
কৰোণা তোমাক কাতৰ আহ্বান
তুমি যেন এই পৃথিৱীৰ পৰা আঁতৰি যোৱা।
মানুহক মানুহৰ দৰে এই
পৃথিৱীত থাকিব দিয়া।
আমাক শান্তি লাগে শান্তিৰে
থাকিব দিয়া ।
কৰোণা তোমাক কাতৰ মিনতি জনাইছোঁ
তুমি যেন এই পৃথিৱীৰ পৰা আঁতৰি যোৱা ।।
📝শ্ৰী আকাশ পাতৰ
বৰফলং চাহ বাগিচা
গোলাঘাট জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ