আছে নেকি ভাঙা চিঙা

©Admin
0

 মুৰৰ ঘাম মাটিত পেলাই
  গাত ৰ'দ নলগা আৰু
   বৰষুণ নপৰা মানুহবোৰে
  বিৰি হুপি হুপি
  বহি খোৱাবোৰক
  ইতিকিং কৰি
  ভৰিৰে গতি ঠেলি
  চিঞৰি যায়.
  আছে নেকি
  ভাঙা চিঙা টিং লোহা
  পাল্ষ্টিক বহী কিতাপ  |
  নিজেও নোৱাৰো
আনে কৰিলেও সহিব নোৱাৰো
 ঢেকিয়াল ফুকনে
 নকৈছিল নে ধিক অসমীয়া
 মানুহ নহয় অসম শ্মশাণ
  নহয় কোনে কয়
  কামৰ নাই সৰু বৰ
  কৰ্ম নকৰিলে
  ধৰ্ম ক'ত ??
  আমাৰ কামবোৰ
  বেলেগে লৈ গ'ল
  আমি চাওতেই গ'ল
  সময় থাকোতেই
  জাগিবৰ হ'ল নহ'লে সিহঁতে
  চিঞৰিয়ে থাকিব
  আছে নেকি 
  ভঙা চিঙা টিং লোহা.

 📝হেমেন হাজৰিকা
         মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)