জোনাকত জিলিকা নিয়ৰ (২য় খণ্ড)

©Admin
0

জোনাকৰ মনটোৱে ছটফটাই ফুৰিলেও ভাস্কৰ তাৰ কাষলৈ নাহে।তাক মহা পণ্ডিত বুলি নামাতে,নাইবা নিয়ৰৰ ভয়ত মনে মনে বেয়া বস্তু বোৰ মুখত নিদিয়ে।সি কিয় আঁতৰি গ'ল,তাৰ অনুপস্থিত ৰাংঢালী নিয়ৰ জনীৰ কি হ'ব পাৰে সি ভাবিছিলেনে?এই ৫/৬মাহে তাইৰ মুখত কোনেও হাঁহি দেখা নাই।ভাস্কৰ আৰু নিয়ৰৰ কথা ভাবি জোনাকৰ দুচকু সেমেকি উঠিল।পাহৰিব খুজিলেও তাৰ স্মৃতিৰ ভঁৰালৰ দুৱাৰ খন খোল খাই গ'ল।এটা এটাকৈ সকলো কথা মানসপটত স্পষ্ট হৈ উঠিল।সি উভতি গ'ল পূৰণি দিনবোৰলৈ।

কাঞ্চন পুৰ এখনি ফুল-ফলেৰে ভৰা সৰু গাঁও।গাঁওখনৰ শেষ সীমাত তিনিঘৰ মানুহ ওচৰা-ওচৰিকৈ আছিল। তেজৰ সম্পৰ্ক নাথাকিলেও তিনিওখন ঘৰৰ মানুহবোৰৰ মাজত নিবিড় সম্পৰ্ক আছিল।একেবাৰে মূৰত আছিল জোনাক হঁতৰ ঘৰ।মাজৰ ঘৰটো ভাস্কৰ হঁতৰ আৰু সিহঁতৰ ওচৰতে আছিলে নিয়ৰ হঁতৰ ঘৰ।
ঈৰ্ষা,হিংসা আৰু দ্বেষ আদি ভাব বোৰৰ পৰা গাঁওখনৰ মানুহবোৰৰ মনবোৰ মুক্ত।কৃষিজীৱি মানুহখিনিয়ে বছৰটোৰ বেছি ভাগ সময় নানাধৰণৰ শস্য উৎপাদনত ব্যস্ত আছিল।কোনো মানুহে এনেয়ে বহি থকা নাছিল।আজৰি সময়তো বাঁহ-বেতৰ কাম কৰে।কৰ্মক পূজা কৰা বাবেই হয়টো অভাৱ নামৰ শব্দটোৱে গাঁওবাসীক জুৰুলা কৰিব পৰা নাচিল।জোনাকৰ ঘৰত মাক-দেউতাক আৰু সি  ।তাৰ খেলৰ লগৰী ভাস্কৰৰ বিধৱা মাক আৰু ভায়েক অনিন্দ্য।ভাস্কৰৰ মাকে এখন প্ৰাৰ্থমিক বিদ্যালয়ত শিক্ষয়িত্ৰী কৰিছিল।জোনাক আৰু ভাস্কৰৰ লগত খেলিবলৈ আহিছিল নিয়ৰ।তাইৰ মাক-দেউতাক নাই সৰুতেই ঘাট-মাউৰা হোৱা ছোৱালী জনী খুৰাক-খুৰীয়েকৰ মৰমৰ মাজত ডাঙৰ-দীঘল হৈছিল।
খুৰাকৰ ল'ৰা শুভম অনিন্দ্যৰ লগৰ আছিল।খুৰীয়েকহঁতে নিয়ৰক কোনোদিনেই মাক-দেউতাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল।নিয়ৰে কাৰোৰে কথা নুশুনা হৈছিলে।কেৱল ভাস্কৰৰ মাকলৈ অলপ ভয় কৰিছিল।যাক বৰ্‌মা বুলি মাতে।অৱশ্যে সাধু শুনাৰ আগ্ৰহত প্ৰতি সন্ধ্যাই ভাস্কৰহঁতৰ ঘৰলৈ আহি চোতালত বহি থকা বৰ্‌মাকৰ কোলাত মূৰ থৈছিল।এই অভ্যাসটো ডাঙৰ হোৱাৰ পাছতো এৰা নাছিল।

আগলৈ

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)