মই প্ৰকৃতি

©Admin
0
বসুন্ধৰাৰ জীয়ৰী মই
দুখৰ পিঠিত দুখ লৈ
আজি জীৱন জীয়াইছো
উলংগনাৰ গীত গাই।।

দুচকুত বৈ আছে তেজৰ নিজৰা
জানো হেৰাই গল সুখৰ হাঁহি
আজি কোনোবা দিনৰে পৰা।
নাইকীয়া হ'ল  শান্তিৰ
দীঘলীয়া উশাহ।।

মোৰে খাই মোকে মাৰিছে 
মানৱ হৈয়ো ,দানৱৰ কাণ্ডকাৰী
তেওঁলোক আজি  মাতিছে অকাল
মাৰিছে প্ৰকৃতিৰ  কৰুণ প্ৰাণ।।

কিমান সহিম আৰু?
আচলতে তেওঁলোকেই মোৰ জীৱন
যি লোকে গাই ফুৰে
আমাৰ প্ৰকৃতি প্ৰেমৰ সুৱদি কণ্ঠৰ গীত।
মই তেওঁলোকৰ বাবে জীয়াই আছো
খন্তেকীয়া জীৱন.
তেওঁলোকে আঁতৰি গ'লে
জানো ময়ো আঁতৰি যাম।।

🖋️ বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)