বৃত্তাকাৰ জীৱন এটি সাৱটি জীয়াই আছো আমি,
আন্ধাৰৰ শেষত প্ৰতিটো পুৱাই আনে পোহৰ,
অনুপম সত্য এটি উপলব্ধিৰে জীৱনৰ গতি আগবাঢ়ে ।
পুঁৱতিৰ পখীৰ কাকলিৰে ভৰি পৰে সময়;
নানাৰঙী ফুলৰ পাহে পাহে মৌৰস পান কৰি বিভোৰ হয়
বিচিত্র পখিলা ।
সৃষ্টিৰ উন্মাদনাৰে হয় জীৱন সুন্দৰ !
হৰ্ষ বিষাদৰ নিজৰাটি অহৰহ বৈ থাকে ।
সৰল জীৱনৰ গণিত সুকীয়া,
জটিল জীৱনে কিন্তু পাক ঘূৰণি খায়!
ক্ৰমে দুপৰৰ বেলি নামি আহে ধীৰ গতিৰে,
দীঘল ছাঁবোৰ চুটি হৈ আহে,
উশাহবোৰ ঘন হয়;
শূন্যৰ পৰা আৰম্ভ কৰা যাত্ৰাত কিছু ব্যাঘাত জন্মে।
জৰা, মৃত্যুৰ শংকাবোৰ বাঢ়ি গৈ সংসাৰ মায়াৰ বান্ধোন খুলি হেঙুলীয়া বেলিয়ে এদিন বিদায় মাগে।
আকৌ আন্ধাৰৰ সীমনাত হেৰাই যায় বৃত্তাকাৰ জীৱনৰ আপুৰুগীয়া বেলি! !
ৰীতামণি বৰদলৈ
(গুৱাহাটী )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ