কৰোনাৰ বিভীষিকা

©Admin
0
আমাৰ কৰণীয়
মানুহ হিচাপে আমাৰ দায়িত্ব কি
গুৱাহাটীৰ গলিৰ কৰােনা সংক্ৰমণ ৰক্ষাৰ চিন্তা 
এতিয়া কৰোনাৰ গণসংক্ৰমণ আৰম্ভ হৈছে ।
প্ৰশাসন, চৰকাৰে বাৰম্বাৰ নীতি-নিয়ম বান্ধি দিছে । কিন্তু, নিয়ম নামানা সকলক লাঠিৰে শাসন কৰিব লগীয়া হৈছে । আমি জিলাই- জিলাই, লাখ -লাখ মানুহে বসবাস কৰিছো, সেই লাখ লাখ মানুহক কৰোনাৰ নিয়ম নমনাৰ বাবে সামান্য সংখ্যক কৰ্মীয়ে কিমান নিয়ন্ত্ৰণ কৰিব ??  সেইতোও ভাৱিব লাগিব । কেৱল চৰকাৰক দোষ দিলেই নহব ।

আমি প্ৰতিজন শিক্ষিত, সমাজ সচেতন ব্যক্তিয়ে নিজৰ এলেকা বা অঞ্চলত কৰোনাৰ বাবে সচেতন নোহোৱা লোক সকলক নিৰীক্ষণ কৰি সংলিষ্ট মহলক জনোৱা প্ৰয়োজন বুলি ভাৱো । সুবিধা হলে তেওঁলোকক আৰু সজাগতা দিয়াৰ প্ৰয়োজন  । সকলোৱে এনে ধৰণৰ কথা ভাৱি থাকে, কিন্তু লিখিত ভাৱে প্ৰকাশ নকৰে ।

আমি প্ৰতিজন সমাজ সচেতন ব্যক্তিয়ে - অবুজন সমাজক আৰু বেছি সজাগ কৰিব লাগে বুলি ভাৱো । আমাৰ দেশত মানুহৰ জনসংখ্যা বেছি,  চৰকাৰ - প্ৰশাসনৰো একে সময়তে সকলোবােৰ কন্ত্ৰল কৰাতো সম্ভৱপৰ নহয়গৈ -ইতিমধ্যে কৰোনাৰ সংক্ৰমণৰ কামত ব্যস্ত থাকিব লগীয়া
 হৈছে ॥

দেশত সমস্যাৰ শেষ নাই ।
আজি কৰোনাত আক্ৰান্তক চোৱা-চিতা কৰা কাম আছেই ।  আনহাতে, দুখীয়া শ্ৰেণীৰ লোকক বিভিন্ন ধৰণে অৰ্থ,অন্নাদিৰ  সাহাৰ্য্য বিতৰণ আদিৰ কামতো ব্যস্ত হব লগীয়া হৈছে । 
তাৰ মাজতে দেশত আজি এজনক নিশংসভাৱে হত্যা কৰা ঘটনা, কাইলৈ এটা হত্যাৰ দৰে বহু বিক্ষিপ্ত ঘটনা আদিৰ বিচাৰ আৰু নিয়ন্ত্ৰণ আদিৰ কাম,  আৰু  তাৰ আনুসাংগিক কামৰ দায়িত্ব লোৱা আদি কামত সমান্তৰালভাৱে চৰকাৰ - প্ৰশাসন সমানে ব্যস্ত হব লগীয়াত পৰিছে আৰু যঠেষ্ট সমস্যাৰ সন্মুখীনৰ মাজত কাম চলাই আছে   । 
আনহাতে দেশত বৰ্ত্তমান বহি ৰাজ্যৰ পৰা অহা স্বদেশী হাজাৰ -লাখ  লোকক  দৈনিক কোৰেন্টাইনত ৰখা কাম আদিত আৰু তাৰ বাবে যাবতীয় সকলো কামেই চাব লগীয়াত পৰিছে । লাখ লাখ মানুহক চোৱাচিতা কৰা ইমান সহজ কাম নহয় ।  সেইবাবে চৰকাৰক সুস্থিৰভাৱে কাম কৰা পৰিৱেশ আমি দেশে দিব লাগিব ।

তাৰ মাজতে কোৰেন্টাইন চেন্টাৰত থকা কিছুমানে নিয়ম উলংঘা কৰি বিভাগীয় কৰ্মীক 
বেয়া ব্যৱহাৰ কৰা, নিয়ম -নীতি নমনা, তাৰ পৰা পলাই যোৱা, আদি দুঃকাৰ্য্যই চৰকাৰ-প্ৰশাসনক  কামত বা নিয়ন্ত্ৰণত অসুবিধা দিছে বা অযথা তেনে লোকৰ বাবে সময় খৰচ কৰিব লগীয়া হৈছে । 

প্ৰতিজন লোক আৰু প্ৰতিজন পৰিয়াল সজাগ হওঁক ।  পুনৰ আহ্বান কৰিছাে । যদিহে আমি এই  কৰোনাৰ পৰা বাছিবলৈ কৰা নিয়মখিনি নামানো -তেতিয়াহলে নিজৰ মৃ্ত্যু আৰু সমাজত  কৰােনাৰ সংক্ৰমণ সংখ্যা বঢ়োৱা হ'ব, আৰু আমেৰিকাৰ দৰে যাতে সংক্ৰমণ নহয় তাৰ বাবে অতিকৈ চিৰিয়াচ হোৱাৰ প্ৰয়োজন আহি পৰিছে ॥ আমেৰিকাৰ দৰে ধনী দেশে যেনেকৈ হলেও কিবা এটা কৰিব পাৰিছে- কিন্তু আমাৰ ইয়াত তেনে পৰিস্থিতিৰ সন্মুখীন  হলে কন্ত্ৰল কৰা অসম্ভৱ হৈ পৰিব; সেইবাবে কৰোনাৰ প্ৰতি সজাগ হবলৈ  প্ৰতিজন নাগৰিক দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব ॥ চৰকাৰ প্ৰশাসনক সকলো কামতে সহায় -সহযোগিতা আগবঢ়াওক ॥ তেহে দেশ বাচিব ॥ ঘৰত থাকক - সুৰক্ষিত হ'ব ॥

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)