লিমাৰিক

Rinku Rajowar
0
                    (০১)
ওপৰতে লৈছে নপতা ফুকন নাম 
ঠগামী কৰাই তাৰ একমাত্ৰ কাম 
কেইকাল ঠগি খাব
এদিন হতশ্ৰী যাব
হেৰাই যাব জগতত চিন মোকাম।
----------------------00------------------

                    (০২)
এঢোক ৰঙীন পানী কৰিলেই পান
মনে মনে ভাবে সি ময়েই ভগৱান
চৰ গোৰো থাকে খাই
তথাপিও লাজ নাই
সেইকণেহে হেনো তাৰ ৰাখিছে প্ৰাণ। 

📝ব্ৰহ্মদেৱ গোস্বামী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)