ক্ৰন্দন

©Admin
0
জোনাক নিশাত জোনাকীৰ পোহৰত
চাহ গছজোপাই উচপি উঠে 
চিঞৰ মাৰে, প্ৰশ্ন  কৰে ।
জীৱ শ্ৰেষ্ঠৰ মুখত সোৱাদ দিয়া 
মোৰ ৰক্ষকৰ অপমান কিয়?
মোক পোহপাল দিয়া মাতৃসৱৰ
ওপৰত অন‍্যায় কিয়?
মোক ভিত্তি কৰি আগবাঢ়িব লোৱা 
মোৰ সন্তানতুল‍্যৰ আগবঢ়াত বাধা কিয়?
আকাশ ভ্ৰমণৰ ইচ্চা ৰখাবোৰৰ 
কলিতে মোহাৰী দিয়া হয় কিয়?
এইকাৰণেই নেকি যে মোক
সিহঁতে  তুলি তালি ডাঙৰ কৰে ?

হব‌ও পাৰে চকু চৰহা এচাম জীৱ শ্ৰেষ্ঠ‌ই
মোৰ উন্নতি চাব নোৱাৰে ,
জ্বলি পুৰি মৰে । 
সেয়েহে মোৰ ৰক্ষক চামৰ উন্নতিত
বাটৰ কাইট হৈ থিয় দিয়ে ।
কোনে দিব এই মোৰ মনত 
উত্তাৱল সৃষ্টি কৰা হাজাৰ প্ৰশ্নৰ উত্তৰ,
উচিত প্ৰাপ‍্য আৰু ন‍্যায় ।

📝নবীন চন্দ্ৰ কুৰ্মী
বৰপাম, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)