ডেউকা

©Admin
0
 
উৰিব খুজিছা যদি উৰা
কোবাই দিয়া দুবাহু
স্বপ্নাতীত পৃথিৱীৰ 
অসীমলৈ... 

তোমাৰ বাহুবন্ধনত 
অজানিতে লিপিবদ্ধ 
এটি কেঁচা গোন্ধই
গাই যাব 
তোমাৰ জয়গান ।

প্ৰাপ্তিৰ চিঞৰত
তুমি নুশুনা 
তোমাৰ ইতিহাসৰ কল্লোল

তুমি যিমানেই ডেউকা 
কোবোৱা
ৰৈ যাব শিপাৰ নিচান।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)