মৃতকৰ একাষাৰ

©Admin
0

     এৰি অহা
কেঁকুৰিটোত মৃতদেহ এটি
উবুৰি খাই পৰি আছে

গাতে লাগি
শব্দৰ জুম এটিয়ে
আচল কথাবোৰৰ অবয়ব সলনি কৰিছে...

উচুপনিবোৰ
একো একোটা সমালোচনাৰ দস্তাবেজ
আপোন মুখবোৰ অচিনাকি

লাহে লাহে 
জুমটোৰ কাষলৈ আগবাঢ়ি গ'লো
মৃতদেহটো লিৰিকি বিদাৰি চাওঁতেই
মই মোক দেখি আৰ্তনাদ কৰি উঠিলোঁ...

📝মৰমী মুদৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)