তোমাৰেই অপেক্ষাত

©Admin
0


কান্ধত 
এসাগৰ  সপোনৰ 
টোপোলাটো লৈ ,
তোমাৰেই অপেক্ষাত
মই ৰৈ আছোঁ।
মেঘাচ্ছন্নময় 
কলীয়া ডাৱৰৰ দৰে,
 আৱৰিব ধৰিছে 
তোমাৰ চঞ্চল মনৰ আকাশত।
বৰষুণ হৈ নামি অহা না
এবাৰ,,,
এসাগৰ সপোনৰ লগত 
বিলীন হবলৈ।
তোমাৰ বাবেই 
ৰাতিৰ জোনটিৰ দৰে
অপেক্ষাৰে বাট চাই আছোঁ।
 আকাশৰ বুকুৰ পৰা
এন্ধাৰ আঁতৰাই
 জোনটিৰ দৰেই 
বৰ ইচ্ছা,
 ৰাতিটো আলোকিত কৰাৰ,,,।
এতিয়া মাথোঁ অপেক্ষাত
তুমি অহাৰ,,,,।

 📝নাৰায়ণ বৰা 
  লংকা কাকী ৩
 জিলা: হোজাই( অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)