সংঘৰ্ষৰপৰা সফলতা,খণ্ড -০৪

©Admin
0

লগেলগে বজাৰৰ মানুহবোৰ গোট খাই  তাৰে সদাশয় ব্যক্তি এজনে ১০৮ গাড়ী মাতি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে ৷চিকিৎসালৈত পোৱাৰ লগেলগে দুয়োকে এমাৰ্জেঞ্চী কোঠাত লৈ গ'ল এই ফালে সৌৰভৰ মাকে দ্বাৰমুখত বহি সিহঁত অহালৈ বাট চাই আছে " ইমান দেৰি হ'ল এতিয়ালৈকে বাপেক পিতেকৰ খবৰ নাই " এনেতে মহিলা দুগৰাকী আহি সৌৰভহঁতৰ দুৰ্ঘটনাৰ কথাটো জনালে সৌৰভৰ মাকে বহাৰপৰা উঠিয়ে লৰালৰিকৈ ঘৰখনত তলা লগাই চিকিৎসালৈলৈ লৰ মাৰিলে চিকিৎসালৈত উপস্থিত হৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে " ক'ত আছে মোৰ পুত্ৰ স্বামী ক'ত " এনেদৰে কন্দা দেখি নাৰ্চ এগৰাকী আহি সান্তনা দিয়ে " নাকান্দিব আপোনাৰ ল'ৰ আৰু স্বামীৰ ট্ৰিটমেণ্ট চলি আছে মনেমনে থাকক আৰু ইশ্বৰক প্ৰাৰ্থনা কৰক এনেতে ডাক্তৰ আহি ক'লে " আমি ল'ৰাটোক বচাবলৈ সক্ষম হ'লো কিন্তু মানুহজনক বচাবলৈ নোৱাৰিলো এই কথা শুনি সৌৰভৰ মাক ভাগি দুখত পৰিল " এতিয়া কি হব স্বামীৰ অবিহনে কেনেকৈ মই জীয়াই থাকিম মোৰ জীৱনৰ কোনো মূল্যই নোহোৱা হ'ল নাই মই এনেকৈ ইনাই বিনাই কান্দি কান্দি হঠাৎ শান্ত হৈ থিয় হৈ ইফালে সিফালে দৌৰিবলৈ ধৰিলে " মোৰ পুত্ৰ ক'ত মোৰ পুত্ৰ ক'ত " নাৰ্চ গৰাকীয়ে ক'লে নাকান্দিব বলক আপোনাৰ পুত্ৰৰ ওচৰলৈ লৈ যাম আপুনি কন্দা বন্ধ কৰক নহলে আপোনাৰ পুত্ৰই দুখ পাব সৌৰভৰ মাকে চকুপানী মচি নাৰ্চৰ লগত সৌৰভৰ ওচৰলৈ যায় সৌৰভে মাকক দেখি " মা দেউতা ক'ত লাহেকৈ সুধিলে ? মাকে একো নকয় তাক সাবটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে সৌৰভে ক'ল মা কিয় কান্দিছে দেউতা ক'ত মাকে কান্দি কান্দি ক'লে তোৰ দেউতা আমাক অকলে এৰি থৈ গুচি গ"ল দুয়ো আকৌ কান্দিবলৈ ধৰা দেখি নাৰ্চগৰাকী আহি দুয়োকে সান্তনা দি ক'লে এতিয়া এনেকৈ কান্দি ধৈৰ্য্য হেৰোৱাৰ সময় নহয় জীৱনত এনেধৰণৰ ঘটনা ঘটিয়ে থাকে গতিকে এতিয়া ধৈৰ্য্য সহকাৰে তেখেতৰ অন্তিম বিদায়ৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে আপোনালোকে ঘৰলৈ যাওক আৰু মৃতকৰ সৎকাৰ কৰক ৷ দুয়ো নাৰ্চৰ কথামতে নিজকে চম্ভালি ঘৰলৈ উভতি মৃতকক জুই দিয়াৰ ব্যৱস্থা কৰে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)