পইতাঁ ভাতৰ পানী

©Admin
0
   জানা মা
      এই গৰমত কালিলৈ পুৱা
      তুমি সযতনে সাজি দিবা
      এসাঁজ পইতাঁ ভাত  ৷
       পইতাঁ ভাতৰ পানী খাই
      ভাগৰ জুৰুৱা দেহা
     এটি পৰাণ জুৰুৱা গান
     যেন বৈ যায় শিৰাই শিৰাই
     লোণ তেলৰ জোখত
     সোৱাদৰ নিজাৰা বয়
     তোমাৰ দুহাতৰ যাদু  ৷
    ঘনঘোৰ বাৰিষাৰ
    পথাৰৰ আলিত বহি
    বতাহৰ বা লৈ
    এসাঁজ পইতাঁ ভাত
     কিমান মহঙা হ'ল  ৷
   কত এ চিনিও নোপোৱা হ'ল
  মা , তুমি নাই বাবে
  সেই সাজ ভাত
  মোৰ পৰাও কাহানীবাই
   আতৰি গ'ল  ৷

 📝হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)