আধৰুৱা আলাপ (চুটিগল্প)

©Admin
0


  

- আজি বহু দিন ধৰি তোমাক কেইটামান কথা কম বুলি ভাবি আছো ৷

- কিয় কোৱা নাই ?
- মানে কবলৈ সদায় চাওঁ,সদায় নহয় সদায় কোনোবা সমুখত ওলাই যায়হি ৷
- বলা নাহৰজোপাৰ তললৈ৷
- তালৈ কিয়?  ইয়াতে ঠিক আছো ৷
- নাহৰ ভাল পাওঁ ৷
- মইও...
- তোমাৰ কবলগীয়া কথাখিনিয়ে যদি মোক দুখী কৰে নাহৰজোপাৰ সুখতে মিচিকিয়াই হাঁহিম ৷
- আৰু যদি তোমাৰ উত্তৰে মোক দুখ দিয়ে তেন্তে মইও নাহৰজোপাৰ সুখতে মিচিকিয়াই হাঁহিম৷
- ব'লা 
- আজি মায়ে কেইটামান বগৰী দি পঠাইছিল ৷ তুমি ভাল পোৱা বাবে তোমালৈ থৈ দিলো ৷ খাবা?
- দিয়া, নল'লে আকৌ সেইটোতে উফুন্দ পাতিবা নহয় ...
- হি হি হি হা হা হা ৷ লোৱা ৷
- তুমি হাঁহিছা?
- নাই হঁহা, কান্দিছো দেখা নাই ৷
- কি যে নহয়, অনবৰতে লাগি থাকা ৷
- সেইটো আকৌ কি কথা, তুমি মোৰ পৰা এহাত দূৰত্বত মাজত আকৌ বগৰী কেইটাও আছে ৷
- যেনেকৈ মোৰ আগত মুখখন চলে মাৰ আগত মুখখন চলাব পৰা হ'লে আজি...
- আচলতে ঘৰটোৰ কোঠালি  দুটামান বঢ়াবলগীয়া হৈ আছে ৷
- কোনেনো মানা কৰিছে ৷ বঢ়োৱা আকৌ ৷
- দেউতাৰ বছৰেকীয়াটো আহি আছে ৷
- কেতিয়ালৈ?
- অহা সোমবাৰে ৷
- ওম ৷
- তাৰ বাবে ভালে কেইটা পইচা দৰকাৰ হয় সেইবাবে ঘৰৰ চিন্তা কৰিবই পৰা নাই ৷
- শ্বৰি ৷
- শ্বৰি কিয়?
- কব নোৱাৰো, এনেই কৈ পালো ৷
- ভাইটিৰ ৰিজাল্ট দিলে নহয় ৷
- অ মই পাহৰিছিলোৱে ৷ কেনেকুৱা হ'ল৷
- 2nd ডিভিচন ৷
- হওঁক দিয়া ৷
- তাকেই তুমি পঢ়ি অহা প্ৰাইভেত কলেজখনত পঢ়াৰ সৰুৰে পৰাই তাৰ আশা ৷ দেউতাৰ অবিহনে এতিয়া মইহে...
- কবলৈ বেয়া পাইছে চাগে তোমাক কথাবোৰ ৷
- ওম, অলপ ভয়ও কৰে যে ... তথাপিও গম পাইছো তাৰ মনৰ কথা ৷
- এতিয়া ভালকৈ পঢ়িলেই হ'ল ৷
- হেৰি নহয় ৷
- কোৱা ৷
- এতিয়া এডমিশ্বনৰ ফীজ কিমান মান হব বাৰু?
- হব কমেও বিশহাজাৰমান ৷
- অহ ...
- মোৰ ওচৰত পাঁচহাজাৰ মান ওলাব ৷ লৈ লৱা ৷
- নালাগে ৷
- কিয়?
- তোমাৰ পৰা কিয় লম বাৰু?
- তোমাৰ পত্নী নহলেও পাঁচবছৰীয়া সুখ দুখৰ লগৰী তোমাৰ হবলগীয়া পত্নী হিচাপে লৱা ৷
- তুমি মোৰ ভালপোৱাহে, তুমিটো মোৰ বেংক একাউণ্ট নহয় ৷
- একো নাই ৷ আজি কালি চব চলি যায় ৷
- নলওঁ মই ৷
- চাওঁচোন কেনেকৈ নোলোৱা ৷
- মই যাওঁ ৷
- আহিছিলাহে যাবৰ হ'লেই নে? কোনজনীয়ে মোৰ দৰে মৰম দিয়ে 

চাম নহয় ৷ মোৰ ওচৰত কেইটাদিন নিৰৱে পাৰ কৰিছা?  সদায় তোমাৰ সমস্যা এসোপামান লগত লৈ মোৰ ওচৰলৈ আহা ৷
- মাৰ গাটো বেয়া ৷ দৰৱ আনিবলৈ যাওঁ ৷
- অহ, শ্বৰি ৷
- আকৌ শ্বৰি?  কিয়?
- নাজানোঁ ৷
- ওহ ৷
- নাজানোঁ, তোমাক লৈ কৰা অভিমানবোৰৰ ভিত্তিতে নে তোমাৰ পত্নী হবলৈ নোপোৱাৰ দুৰ্ভাগ্যত এনেবোৰ কথা কৈ পেলাও ৷
- সেয়ে কওঁ ৷ শিৰত সেন্দুৰ পিন্ধা ৷
- তোমাৰ সেন্দুৰ?
- নহয়, মা-দেউতাৰ পচন্দৰ সেন্দুৰ ৷
- আজি কিমানটা বছৰ উচুপি উচুপি মা-দেউতাই নেদেখাকৈ তোমাৰ নামত সেন্দুৰ পিন্ধো ৷ সেয়া কি হব?
- সেয়া দুৰ্যোগত উটি যাব ৷
- কথা যে কোৱা নহয় ...
- অ আকৌ ৷
- হব ৷
- কি হ'ব?
- অলপ কষ্ট হব, বেলেগৰ সেন্দুৰ তোমাৰ কপালত দেখিলে ৷
- মোৰ যে তাতোকৈ বেছি কষ্ট হব সেইখিনি সেন্দুৰ পিন্ধিবলৈ ৷
- মই পাৰিম দিয়া কষ্টখিনি সহ্য কৰিব ৷
- কিন্তু তোমাৰ হৃদয়েচোন কান্দি আছে ৷
- নাই হাঁহিছে ৷ হু হু হা হা ৷
- চেষ্টা নকৰিবা কান্দোন লুকুৱাবলৈ ৷
- হাঁহিছো সচাকৈয়ে ৷
- চকু কিয় চলচলীয়া হৈছে?
- পোক এটাই লগ নেৰা হৈছে ৷
- পোক?
- ওম পোক ৷ সমস্যাৰ পোক ৷
- তুমি যে এতিয়াও সৰু ল'ৰাৰ দৰে ভে কৈ মুখ মেলা ৷ ধেৎ ৷
- ওম ৷
- তোমাৰ দেৰি হোৱা নাই?  মাৰ দৰৱ আনিবলৈ আছে তোমাৰ পাগল ৷
- অ যাওঁ ৷
- আকৌ কেতিয়াবা এনেকৈ লগ দিবা ৷ কলিজাখনত আৰু অলপ তোমাৰ নামত মৰম বান্ধি তোমাক চিঞৰি কম সদায়ৰ দৰে ৷ আই লভ ইউ  ৷
- লভ ইউ টু


📝দিব্যজ্যোতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)