সেউজীয়া ছাঁ

©Admin
0
স্তৱক ১
চহৰত চাকৰি কৰা ভাইটিৰ
চকুৰ চিকমিকনিত
দেখিছানে বাৰু কেতিয়াবা
নদাইৰ কপালৰ ঘাম
আইতাই চোতালত
মেলি দিয়া ধানত
পাইছানে বাৰু
নাঙলে উদঙোৱা
পথাৰৰ মাটিৰ গোন্ধ
স্তৱক ২
টেমচ নদীৰ পাৰত বহি
স্কচ্ছৰ পিয়লাত চুমুক দি
পৰেণে বাৰু মনত
আইতাই বনোৱা মিঠা সাঁজৰ সোৱাদ 
সুৰুজে জানো অনুভৱ কৰিব পাৰে
জোনৰ পোহৰৰ মসৃনতা‌ ।


ড: মৃদুল চন্দ্ৰ শৰ্মা
তৰাজান যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)