ৰদালি পুৱাতেই এঙামূৰী দি,
নিহালিৰে সামৰি পেলাওঁ,
মোৰ অঘৰী মনৰ সপোন বোৰ,
খুপি খুপি পেলাওঁ প্ৰতিটো খোজ,
মুকলি আকাশ আৰু মই,
ব্যস্ততাৰ প্ৰতিটো পধূলি,
মোৰ গণনা শেষ নহয়,
ঢলি পৰা বেলিটোৱেহে কয়,
" মই থাকোতেই ঘৰলৈ যা "
অঘৰী মই.... সুখী মই..
বাট কুৰি বাওঁ, এমুঠি গোটাও,
এবুকু হেঁপাহ লৈ উভটো,
অঘৰী পঁজালৈ...
সন্ধ্যা তৰাত আকৌ মোৰ,
জীয়াই থকাৰ হেঁপাহ বোৰ,
হিচাপ কৰোঁ...
এদিন, দুদিন,হয়তো.... বহুত দিন,
প্ৰতিটো দিন মই মোক ভালপাওঁ,
আজিৰ মই হয়তো,
কালিলৈ অস্তিত্ব হীন ।।
📝ববিতা শইকীয়া
দেৰগাঁও, গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ