ৰুণজুন-ধাৰাবাহিক উপন্যাস (খণ্ড-১৪)

©Admin
0
নগাঁৱৰ ৰিহণ হঁতৰ ঘৰ, ল'ৰাই -বােৱাৰীয়ে, মাক-বাপেক আৰু ভনীয়েকৰ সৈতে ঘৰ আনন্দ -উল্লাসেৰে ভৰি আছে । এনেতে ৰুণজুনৰ এম. এ. পৰীক্ষাৰ ৰিজাল্ট 
ওলাল । অৰ্থনীতি বিভাগত 
First class , 2nd হৈছে, ঘৰৰ   সকলােৱেই খবৰতো পালে আৰু দুয়ােঘৰৰেই ভাল লাগিল । শহুৰেকে এই
ছেগতে বিয়ৈ-বিয়নীৰ ঘৰৰ মানুহক নিমণ্ত্ৰণ কৰিলে যে বোৱাৰীৰ পৰীক্ষাৰ ৰিজাল্টৰ আনন্দতে সৰুসুৰা ভােজকে আয়ােজন কৰা হৈছে । মাত্ৰ দুইঘৰৰ মাজতহে কামতাে চমুকৈ কৰি থলে ।
নতুন মিতিৰ আহিল আৰু উপযুক্ত সন্মান দি খােৱালে -বােৱালে আৰু মিতিৰৰ ঘৰক বহুত পিঠা -পণা যাবৰ সময়ত দি পথালে । এনেদৰে  ধুনীয়া সম্বন্ধ এটা গঢ়ি উঠিল ।
ৰিহণৰ দেউতাকে সি ব্যৱসায়কে কৰক বুলি তাৰ লগত কথা পাতিলে  আৰু গুৱাহাটীত ফ্লেটৰ বিচনেচ ভাল চলিব বুলি তাকেই কৰাৰ কথা   ফাইনেল কৰিলে । সেইমতে সি ফ্লেটৰ কাম আৰম্ভ কৰিলে । মাজে মাজে ৰুণকাে চাবলৈ লৈ যায়। সেইদৰে তাই কিছুমান কথা ক'ব নােৱাকৈয়ে শিকিবলৈ ল'লে। সিহঁতক ৰুণৰ দেউতাকে তাইৰ নামত দিয়া ঘৰতােতে থাকিবলৈ ক'লে। সিঁহতে তাতেই কিছুদিন থাকিলে । ৰিহণে ক'লে," আমাৰ মাটিৰ ঘৰতাে আৰম্ভ কৰাে আৰু হৈ গ'লে নিজৰ ঘৰলৈ গুছি যাম । দুয়ােফালে কাম আৰম্ভ কৰিলে, ৰিহণৰ  দুয়ােফালে কাম  চাব লগীয়া হোৱাত অকলে চম্ভালিব নােৱাৰা হ'ল , তেতিয়া ৰিহণহতৰ নিজৰ মাটিত তেওঁলােকে বনােৱা ঘৰতােৰ প্ৰায়খিনি কাম ৰুণে চােৱা-চিতা  কৰিছিল । ইফালে ৰিহণৰ 
ফ্লেট এটা-দুটাকৈ বনাই বেচা আৰম্ভ কৰিয়েই দিলে ।  সেই টকাৰেই কাম পূৰ্ণদমে চলিল । ৰিহণে ব্যৱসায়ত  পূৰা  মন দিবলৈ  লাগিল । 
       সেইদৰে অতি সোনকালে নিজৰ ঘৰটােও প্ৰায় সম্পূৰ্ণ হও হও, তেনে অৱস্থাতে ৰুণজুনৰ গা -ভাৰী হৈ  আহিল । গধূলি অশেষ কষ্টৰ মাজত হলেও সেই সময়তো ৰিহণে তাইৰ পূৰা তদাৰক কৰে  আৰু তাইৰ সেই কথাবােৰ ভাৱি ভালাে লাগে আৰু ৰিহণৰ কষ্ট দেখি দুখাে লাগে । ৰুণে প্ৰথম সন্তানতাে জন্ম  দিলে ।  ৰিহণৰ আনন্দৰ সীমা নােহোৱা হ'ল ।  ৰিহণে হস্পিতেলতে  আনন্দতে ৰুণক দাঙি 
ল'লে ।নতুন ঘৰ আৰু প্ৰথম  ল'ৰা সন্তানতাে পাই  ৰুণেও মাতৃত্বৰ গৌৰৱ অনুভৱ  কৰিলে ।   
ঘৰলৈ লৈ অহাৰ পিছত দুয়াে "পুত্ৰৰ" মুখলৈ চাই কথা পাতিলে -ই কাৰ নিচিনা হৈছে বাৰু ।  ৰিহণে কয় ," মােৰ নিচিনা"আৰু ৰুণে কয় ," তাইৰ নিচিনা "।
ৰিহণে, মাককে মৰম কৰােনে বা পুতেককে মৰম কৰােনে কৰি থাকিল কিছুদিন ।
কেইদিনমানৰ পিছত ৰিহণে ৰুণক ক'লে, " তুমি মােক ইমান ধুনীয়া গিফ্ট দিলা - এয়া ময়াে তোমাৰ কাৰণে এটা গিফ্ট আনিছাে"।  ৰুণে ক'লে কি?
ৰিহণে ক'লে ,"চকুমুদা "।
 তাই চকু মুদিলে আৰু গম পালে  আঙুঠি এটা    হাতৰ আঙুলিত পিন্ধায় দিছে । তাৰ পিছত তাই চকু মেলি গম পালে হীৰাৰ আঙুঠি ।
তাই অতিশয় আনন্দিত হ'ল আৰু আবেগতে ৰিহণৰ বুকুৰ মাজত সোমাই গ'ল আৰু ৰিহণৰো চন্চল মন আৰু চন্চল হৈ উঠিল । দুয়াে -দুয়ােৰে বুকুৰ ওম  লৈ সেইদিনা 
মধুৰ মুহূৰ্ত্ততবােৰ কটালে ।
ৰুণৰো বহুত দিনৰ পিছত ৰিহণৰ সান্নিধ্য বৰ ভাল লাগিল আৰু  পিছদিনা খনলৈকে মনতাে আৱেশেৰে  ভৰি পৰিল ।
ৰুণে দিনতাে আনন্দেৰে কটালে । 
 ৰিহণে কেচুৱা চাবৰ কাৰণে কাম কৰা মানুহ যিমানখিনি প্ৰয়ােজনহয়  সিমান খিনি যােগাৰ কৰি দিলে । মুঠতে একোৰে অভাৱ নাই। ঘৰ লাহে লাহে নদন -বদন হৈ উঠিল ।  তাই নিজে একাে কামেই কৰিব নালাগে - সকলাে চাকৰ-নাকৰে কৰে ।  কেচুৱাৰ অসুখ-বিসুখ হ'লে চাবৰ বাবে ঘৰুৱা ডক্তৰ ঠিক কৰি থৈছে, ফােন কৰিলেই আহি যায় ।
মুঠতে কোনাে সমস্যাই নাই।
জন্মৰ পাছত দুই পৰিয়ালে সকলাে নিয়ম নীতি কৰি তাৰ নাম ৰাখিছিল ," সূৰ্য্য" আৰু নগাৱঁৰ ককাকে কৈছিল ,"সি দুয়ােতা পৰিয়ালতে পােহৰ বিলাব লাগিব " । দেউতাকে মৰমতে তাক 
" চান" বুলি মাতাৰ কাৰণে অৱশেষত সি সেই নামেৰেই বেছি পৰিচিত হ'ল ।  
চানৰ জন্মৰ পাছৰ পৰাই ৰিহণে বাহিৰতো অন্য ব্যৱসায়ৰ সুবিধা পালে ।
কেচুৱাতো সৰু হৈ থাকোতে  তালৈ মনত পৰাৰ বাবে ৰিহণে সপ্তাহত ৪ বা  ৫ দিন বাহিৰত থাকে ( ব্যৱসায়ৰ কামত) আৰু ২ দিন ঘৰত থাকে । প্ৰথম  কেচুৱা, ক'ত থও - ক'ত  নথও কৰে । আদৰতে কেতিয়াবা ৰিহণে ," শহুৰেকৰ ঘৰলৈও অকলে লৈ যায় -ৰুণে মানা কৰাস্বত্বেও "। ককাক আইতাকে নাতিক পালে খাবলৈ-ববলৈকে পাহৰি যায়। কেচুৱাৰবাবে কৰা  সকামবােৰত দুয়ােতা পৰিয়ালেই উপস্থিত থাকি  সম্পন্ন
 কৰিছিল ।
মুঠতে সকলাে ফালৰ পৰা বহুত সহযোগিতা পাই চানক ডাঙৰ কৰিছিল ।
    প্ৰায় প্ৰতিবাৰ বাহিৰৰ পৰা আহিলে ৰুণলৈ কিবা কিবি লৈ আহে আৰু তাই অধীৰ অপেক্ষাৰে ৰৈ থাকে।  ৰিহণ অহা দিনাৰ কথাখিনি কল্পনা কৰিয়েই তাইৰ ভাল লাগে ৷
                 আগলৈ

📝মীনা পমে গামে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)