ৰুণজুন,খণ্ড-১৫

©Admin
0


ক্ৰিং ক্ৰিং কলিং বেল বাজিছে ।
ৰিহণ - ৰুণজুনৰ ঘৰ ।  সাবিত্ৰী বাই নাই ।  ৰুণজুনে গৈ দুৱাৰ খুলি দিলে । ৰিহণে আগদিনা ফােন কৰাৰ দৰে  আবেলি ৩.৩০ মিনিটত ঘৰ পালেহি । চান ডাঙৰ হৈছে - অলপ অলপ কথা ক'ব পৰা হৈছে । দৌৰি ফুৰে । মৰম লগা হৈছে । বাপেক আহিলে সি মাকৰ কােলালৈ নায়ায়- মাত্ৰ খাবৰ সময়তহে যায়।
বাপেকৰ সি যেন নেগুৰহে । ইপিনে দেউতাকৰ ভাগৰ লাগিছে । মাকে তাৰ খেলা ৰুমত - দেউতাকে নতুন বল আনিছে বুলি দেখুৱাই খেলিবলৈ দি থাকিল,  মাকৰ লগত বল খেলিলে ।
বিষ্ণু  ঘৰৰ বাগিছাত কামকৰা ল'ৰা । সি চানক আবেলি মাজে -মাজে ল'ন  খনত বল খেলায়। সেইদিনাও সেই সময়ত তাৰ লগত বল খেলিবলৈ মাকে দিলে ।
ৰিহণৰ ৰুমত ৰুণ সোমাল -
তাক জগাই দিও বুলি । সি টােপনিৰ  ভাও ধৰি আছিল  । ৰুণ গৈ বিচনাৰ ওচৰ পােৱাৰ লগে লগে তাইক টান মাৰি আনি বিচনালৈ লৈ আহিল -আৰু ক'লে ," কেলেইনাে  ঘৰলৈ আহিছাে । তোমাৰ কাৰণেহে আহিছাে ।  চাও আহা - বহুদিন মৰম কৰিবলৈ পোৱাই নাই , একেবাৰে মোৰ কাষত বহা । দুয়াে বহিল  ওচৰাওচৰিকৈ । ৰুণে সুধিলে ,"চাহ খাবা"? ৰিহণে ক'লে ," সেইবােৰ বাদ দিয়া "।
ৰুণৰাে মনত পৰি থাকে , আজিকালি চানে পাহৰাই ৰাখে । তোমাৰ গালখনহে খাম বুলি -সচাঁকৈয়ে চুমা খালে । কিয় তােমাৰ মােৰ ওচৰত থাকিবৰ মন নাই ?
তোমাক কেচুৱাৰ মাক বুলি কোনেও নকয় । কেচুৱাৰ মাক কাৰণে অলপমান ব্লাউজবােৰাে ডাঙৰ লগা হ'ল ।  ৰিহণে ধেমালিৰ চলেৰে তাইৰ বুকুৰ ওপৰত শুই দিলে । তাই চটফতালে - কিন্তু পুৰুষৰ হাতৰ মুঠিখােলা ইমান সহজ নহয় । দুয়াে শুই থাকিল -কিমান সময় শুলে কব নোৱাৰে ।
চানে আহি কৰিডৰত মা মা বুলি চিঞঁৰোতেহে দুয়ােৰে তন্দ্ৰা ঘূৰি আহিল
    চানে আধাফুটা মাতেৰে দেতা  ফু-ফু , ফু-ফু  বুলি কৈ দেউতাকৰ ওচৰ পালেগৈ ।
দেউতাকে তাৰ অনুৰােধ শুনিলে ৰ'ব নােৱাৰে - তাক কােলাত ল'লে আৰু চাহ -জলপান খাই তাক লৈ যাবলৈ ওলাই ৰুণক ক'লে,"তুমিও বলা"। ৰুণাে ওলাল আবেলি গৈ সকলােৱে অলপ শুক্লেশ্বৰৰ পাৰত বহিলে আৰু তাক পাৰ্কত দৌৰালে ।  মুঠতে আবেলিতাে বৰ ফুৰ্ত্তিৰে কটালে ।  সেইদিনা ৰাতিৰ সাজ আনদিনাতকৈ স্পেচিয়েল হয় । অমল খুৰা ৰান্ধনি ঘৰৰ মালিক ।
একােৱেই চাব নালাগে । ৰিহণে কি খায় সকলাে জানে । ৰুণে কোনাে মেনুৰ বাবে চিন্তা কৰি থাকিব নালাগে । কোনাে আওল নােহােৱাকৈ ঘৰখনৰ ৰান্ধনিশালখন  চম্ভালি আছে।
কেক, পিঠা, আচাৰ, জাম , জেলি বনােৱা একােতে  অমল খুৰা পিছপৰা বিধৰ নহয় ।
ৰাতি ভাত খােৱাৰ আগত আৰু পাছত তাই চানৰ কথা, ঘৰৰ আৰু নিজৰ কথা কৈ শেষেই নহয় , কৈয়েই আছে।
ৰিহণ : কথা কৈয়েই থাকিবা নে ,  নে - মােকাে ক'বলৈ দিয়া ।
ৰুণ : কােৱা কি ?
ৰিহণ: কাইলৈ নগাওঁলৈ যাওঁ আৰু পৰহিলৈ বাহিৰে বাহিৰে চিলঙলৈ । কিবা আপত্তি ?
ৰুণ : নাই ।
ৰিহণ : তাইক সাবতি উঠি ক'লে - " কিবা আপত্তি "?
ৰুণে যাহ বুলি কৈ বিচনাত উঠিল আৰু ৰিহণে লাইট অফ কৰি উঠি, আৰু আপত্তি  আছে নেকি  বুলি কৈ দুয়াে বিচনাত বাগৰ দিলে ।
                 আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)