মানৱতা যদি হেৰাই গৈছে, জাতিয়তা যদি শেষ হৈছে, তেনেহলে জীৱ শ্ৰেষ্ঠই উচ্চ শিৰে অন্য জীৱ জন্তুৰ আগত কেনেদৰে জীয়াই আছে বাৰু ?
জীৱশ্ৰেষ্ঠ সময়ত পশুতকৈ অধম হৈ গৈছে কিয়?
নে কুৰি শতিকাটো আদিম যুগৰ মগজু উন্নতি নহোৱাকৈ বাস কৰি আছে জীৱশ্ৰেষ্ঠ।
মানুহৰ মূলধন যদিও ন্যায়, মনৱতা, শিক্ষা তথপিও এইবোৰ অৰ্থহীন নিলজ্জৰ ৰক্ষক মাথোঁ ।
নিয়ম মানি নোলোৱা, সহজ নোহোৱা, অনীতি কাম
কৰা মনুহৰ বাবে সহজ আৰু সূলভ ।
বাৰে বাৰে একে কাম কৰি ভাগৰি নপৰা আৰু লাজ নলগা জীৱ বিধৰ নাম হৈছে জীৱশ্ৰেষ্ঠ ।
স্বাৰ্থৰ কাৰণে আৰু কিছুমান সৰু কাৰণত নিজক পশু ৰুপ দিবলে কুন্থাবোধ নহয় বৰ্তমান যুগৰ মানৱৰ ।
সকলো মানৱ এনে নহয়, হলে নিশেষ হব জীৱশ্ৰেষ্ঠ ।
📝 শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ