মহান মানৱৰ কথা

©Admin
0
আলফুলে দুয়ো 
হাত বুলাই কৈ যাম
এক মহান গাঁথা ।
ওঁঠত বিৰিঙাই লিখি যাম
মহান মানৱতাৰ কথা ।
ভীক্ষাৰী  হৈ আছো মই 
তোমাৰ অপেক্ষাত
ভীক্ষাৰ বাবে ।
কিজানি বা দিয়া আহি তুমি
মোক খুদকণ এটি ।
বিশ্বৰ বৰেণ্যত মোৰ বাবে
এতিয়া তুমিয়েই আকাশ ।
তোমাক আকাশ বুলি
জুমি চালোঁ ।
দেখিলোঁ নীলাকাশত 
তৰা হৈ উজ্জলি আছা তুমি !
ধৰালৈ নামি আহি
দিবা নে তুমি মোক সঁহাৰি !
দুয়ো হাত মেলি 
ৰৈ আছো তোমাৰ বাবে
অপেক্ষাত
ভীক্ষাৰ জোলোঙা আৰি !
কলিজাত আছে মোৰ
ৰঙা তেজৰ বুৰ-বুৰণি 
হৃদয়ত লিখা আছে মোৰ
মহান মানৱৰ কথা ।
নিমিষতে বিজুলিৰ দৰে
নামি আহি
নকৰিৱা মোক ছাই ।
যদিও নিদিয়া তুমি মোক ভীক্ষা,
মোক জীয়াই থাকিবলৈ দিয়া ।
তেহে লিখিব পাৰিম
দুয়ো হাতৰ পৰশ বুলাই
মহান মানৱৰ কথা ।

📝বিনিতা বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)