কলাগুৰু বিষ্ণু ৰাভাই

©Admin
0
লিখি যায় গুঠি যায় গীতেৰে কবিতায় 
গণজীৱনৰ মনোবেদনা গণশিল্পী কোনোবাই
তোমাৰে মোৰে বুকুৰ মাজৰে 
উজাগৰে থকা কলাগুৰু বিষ্ণু ৰাভাই

পীড়িত জনৰ জ্বালা যন্ত্ৰণা
ভোকাতুৰৰ ক্ষুধা ক্ৰন্দন 
অনুভৱকাৰী জনাই
নিশা সাৰে থাকি জ্বলাই তেজৰ চাকি 
সমিধানৰ বাট পোহৰায়
দোকমোকালিতে আহি 
চকুতে আশাৰ বন্তি জ্বলায় 
কলাগুৰু বিষ্ণু ৰাভাই
অমলিন প্ৰেৰণাৰ দিশা দেখুৱাই

জাতি জনজাতিৰ ভেদাভেদ পাতি 
ৰাজনীতিৰ ভাওনাত মাতে
বিৱেকৰ মাত শুনি নাযায় 
কাহানি সচেতন জনে তাতে

সমন্বয়ৰ বৰ ভেটি অসমৰ
ফলে ফুলে বৰগছ জাতিষ্কাৰ
সমিল মিলে গঢ়া যি নামঘৰ
বৰগীতৰ সুৰে সুৰে শান্তি পতকা উৰে
সকলোৰে তাতে সম অধিকাৰ
নটৰাজ লʼলে সাজ
বিভেদৰ আপচু লাজ ওফৰাই
কলাগুৰু বিষ্ণু ৰাভাই
সংস্কৃতিৰ নিজৰা চেতনাত বোৱাই

অতীতৰ জাবৰ খুচৰি ফুৰি
বৰ্তমানক উলাই কৰি
ভৱিষ্যতলে খোজ দিব নোৱাৰি
সমৃদ্ধিৰ কল কাৰখানা গঢ়িবলে
আগুৱাব লাগিব হাতে হাত ধৰি 
হাতুৰি নাঙল দিলে
নৱীন প্ৰজন্মক যুগুতাই 
কলাগুৰু বিষ্ণু ৰাভাই
কৰ্মৰ কোলাহলৰ প্ৰতীতি দিয়াই 

📝 জ্যোতিষ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)