মোৰ মৃত্যুত উচুপি নুঠিবা তুমি
তুমি উচুপিলে যে মোৰ কবিতাৰ মৃত্যু হ'ব।
দূবৰিত বিৰিঙিব নিদিবা দুচকুৰ মুকুতা মণি
হেঁপাহৰ শেৱালি মৰহি যাব।
সেমেকিব নিদিবা পুৱাৰ ৰ'দালি
একাকাশ নীলাত মোৰ আশা বিলীন হ'ব।
মোৰ সমাধিলৈও নাযাবা তুমি
তোমাৰ সেউজীয়া দূভৰিত স্মৃতিৰ কাঁইটে বিন্ধিব।
যদি পাৰা পাহৰণিৰ গৰ্ভলৈ ঠেলি পঠিয়াবা
মোক আৰু মোৰ মৃত্যুক।
মোক চিতাৰ জুইকুৰাতেই জ্বলি থাকিব দিবা
আজীৱন............।
সেই জুই পিছে সাঁচি নাৰাখিবা
গোপনে তোমাৰ বুকুত।
এৰি অহা দিন বোৰক যাহ যাবলৈ দিবা
বৰদৈচিলাৰ লগতে উৰুৱাই দিবা
মোৰ অস্থায়ী ঠিকনা।
তোমাৰ ঢৌ খেলা চুলি টাৰিৰে ঢাকি পেলাবা
দুখৰ কজলা ডাৱৰ
ওঁঠত আঁকি ল'বা মাথো সাতোৰঙী ৰামধেনু।
দুহাতত ফুলিব দিবা হালধীয়া সোণাৰু
তোমাৰ নীলাভ দুচকুক মই
সাগৰ হ'ব দিব নিবিচাৰো।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ