আকাশ খন আন্ধাৰ ।
বিজুলীৰ চমকত
চকু চাট মাৰি ধৰিলে।
হঠাৎ এটা কোলাহল
ক্ৰমান্বয়ে বাঢ়ি আহিছে।
দূৰণিত এটা তীব্ৰ আৰ্তনাদ।
মোৰ জননীৰ দোষ নাই,
তেওঁক আঘাট নকৰিবা
একো নকৰিবা
আন্ধাৰৰ গভীৰতাত
এটা কৰুণ বিননি
বতাহত ক্ৰন্দনৰ ৰোল
কোনো অদৃশ্য হিয়াভঙা চিঞৰ,
মহানতাৰ বন্দীশাল খোলা,
নিৰ্মমতাক বন্দী কৰা,
হিংসাবোৰক বন্দী কৰা,
দয়ালু জনক পঠোৱা.
মোৰ জননী অসহায়
তেওঁক উদ্ধাৰ কৰা,
ন্যায়ক বন্দী নকৰিবা ,
পঠাই দিয়া,পঠাই দিয়া।
মোৰ জননীক প্ৰাণ দান দিয়া.। .
মই পৃথিৱীখন এবাৰ চাব বিচাৰো,
শ্যামল বনৰ সুবাসত বৃক্ষৰ মাজে মাজে
এবাৰ খেলিব বিচাৰোঁ.
মোৰ জননীক উদ্ধাৰ কৰা
উদ্ধাৰ কৰা নাই কোনেও নুশুনিলে,
কোনেও নুবুজিলে।
মানৱ নিৰ্মিতএটা এটমে
নিঃশেষ কৰি দিলে তাইক।
এটা মৰ্মান্তিক বেদনা লৈ
তাইৰ অদৃশ্য শিশুটোক
আলফুলে বুকুত বান্ধি
নিদাৰুণ পৃথিৱীখন ত্যাগ কৰি
সেহাই সেহাই কৈ গ'ল
হিংসাবোৰক বন্দীকৰা
ন্যায়বোৰক মুক্তি দিয়া
পূৰ্ণিমা বৰা
বিশ্বনাথ চাৰিআলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ