অনাকাংক্ষিত অধ্যায়-(খণ্ড-০১)

Rinku Rajowar
0
'জীৱনাদিত্য'--আজি নামেই যাৰ পৰিচয়,ব্যস্ততাপূৰ্ণ নগৰীৰ অনেক অলিখিত বাস্তৱৰ সাক্ষী,জীৱন আৰু পোহৰৰ আলিংগনৰ মৃন্ময় মূৰ্ত প্ৰতীক এই 'জীৱনাদিত্য'।

"অ' দাদা,বিজয় নগৰ যাব নেকি?"- ৰৈ থকা অট'ৰিক্সাখনলৈ চাই গৌৰীয়ে সুধিলে।
"অ' যাম বাইদেউ।পিছে বিজয় নগৰৰ ক'ত নামিব বা?"
"মোক 'জীৱনাদিত্য'অফিচৰ সন্মুখত নমাই দিলেই হ'ব।"
 প্ৰায় ১০মিনিট মানৰ মূৰত অট'খনে গৈ গৌৰীক 'জীৱনাদিত্য'অফিচৰ ওচৰত নমালেগৈ।অট'ৰিক্সা চালকজনৰ হাতত দহ টকা দি  গৌৰী খৰখোজেৰে অফিচৰ ভিতৰলৈ সোমাই গ'ল।
"গৌৰী আহি পালিহি।তোকেই বিচাৰি ফুৰিছিলো এতিয়া।"জীৱনাদিত্য টিভি চেনেলৰ সম্পাদিকা পখী হাজৰীকাই গৌৰীক দেখা মাত্ৰেই কৈ উঠিল।
"অ' পখী বা,অলপ আগত পালোহি।"
"তই পোনে পোনে এতিয়া অনন্ত ছাৰৰ কেবিনলৈ যাবি।তোক অথনিৰে পৰা ছাৰে বিছাৰি আছিল।তোৰ ভাগ্য ফুলিছে আৰু বুইছ'।"
"কিন্তু,ছাৰে কিয় বা মাতিছে  পখী বা।"ভয়ে ভয়ে গৌৰীয়ে সুধিলে।
"সেইটো কথা তই ছাৰক লগ কৰা পাছতহে গম পাবি।"বুলি কৈ পখী হাজৰীকা সেই ঠাইৰ পৰা আতৰ হ'ল।
  এফালে ভয়,আনফালে উৎকণ্ঠা।অনন্ত ছাৰৰ গহীন মুখখনিলৈ মনত পৰি গৌৰী উদাসীন হৈ পৰিল।অনন্ত ছাৰক তাই ইয়ালৈ অহাৰ পৰা খুব কমেইহে লগ পাইছে।প্ৰায়ভাগ কাম তাই পখী বা,প্ৰানজিত দা,অনুৰাগ দা হতকে কৰা দেখিছে।উঠি অহা নৱপ্ৰজন্মৰ এই কামৰ প্ৰতি অগাধ ধাউতি।যিমান পাৰে তেওলোকে 'জীৱনাদিত্য'ক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছে।এই সকলো চেষ্টাৰে আঁৰৰ মূল মানুহজনেই হ'ল অনন্ত নাথ।অনন্ত নাথৰ আশাশুধীয়া প্ৰচেষ্টাতে এদিন গঢ় লৈ উঠিছিল 'জীৱনাদিত্য'।
"ছাৰ,সোমাব পাৰো নে?"কেবিনত সোমাই বাতৰিকাকত পঢ়ি থকা অনন্ত নাথলৈ চাই গৌৰীয়ে সুধিলে।
"অ' গৌৰী...আহাঁ আহাঁ সোমাই আহাঁ।"অনন্ত নাথে ক'লে।
"ছাৰ...পখী বাইদেউৱে কৈছিল আপুনি বোলে মোক বিচাৰিছিল।"
"অ' তোমাক মাতি পঠাইছিলো।তোমাক বাতৰি লিখিবৰ বাবে নিযুক্ত কৰিছিলো যদিও তুমি চোন বাতৰি পঢ়াৰ প্ৰশিক্ষণত ভাল performance দি আছা।"
"ধন্যবাদ ছাৰ,এই ক্ষেত্ৰত মোক পখী বা,প্ৰানজিত দা হঁতে বহুত সহায় কৰি আছে।"
"তোমালোকৰ কৰ্মোদ্যম দেখি মই সচাকৈয়ে বৰ সুখী।'জীৱনাদিত্য'যেন সদায়েই আকাশৰ ধ্ৰুৱতৰাটো যেন জিলিকি থাকক,তাকেই আশা কৰো।"
"ছাৰ,জীৱনাদিত্য আমাৰ জীৱনৰ আশা,সপোন আৰু একপ্ৰকাৰ আমাৰ বাবে সম্বলস্বৰূপ।যিয়ে আনৰ জীৱনত পোহৰৰ ৰং সানে,সেই ৰং সনা জন কিমান ৰঙীন হ'ব এবাৰ ভাবকচোন।জীৱনাদিত্য এখন ৰঙীন পৃষ্ঠা,আপোনাৰ অবিহনে এই পৃষ্ঠা কেতিয়াও ৰঙীন হ'ব নোৱাৰিল হেতেন।"
"গৌৰী তোমাৰ কথাবোৰ শুনি 'জীৱনাদিত্য'ক আগবঢ়াই নিবৰ বাবে সাহস পাওঁ।'জীৱনাদিত্য'ৰ লগতে ইয়াত কাম কৰা প্ৰত্যেকজন মোৰ পৰিয়ালৰ নিচিনা।বাৰু,তোমাক বেলেগ এটা কথাৰ বাবে হে মাতি পঠাইছিলো।তুমি আজিৰ পৰা   script লিখাৰ লগতে সন্ধিয়া আৰু ৰাতিপুৱাৰ প্ৰধান বাতৰি পঢ়াৰ দায়িত্বও লব লাগিব।"
"ছাৰ!!! মই আৰু প্ৰধান বাতৰি!!"
"Yess...আৰু সেইয়া তুমি আজিৰ পৰাই আৰম্ভ কৰিব লাগিব।"
"কিন্তু ছাৰ....."
"কোনো কিন্তু নাই।পাৰিবা তুমি,মোৰ বিশ্বাস আছে।Go ahead গৌৰী।"
 চিন্তামনেৰে গৌৰী কেবিনৰ পৰা ওলাই আহিল।

(আগলৈ...)

📝গৌৰাংগিনী নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)