চীনা সামগ্ৰী বৰ্জনঃ আৱেগ নে বিবেক?

Rinku Rajowar
0
চীন দেশত উৎপত্তি হৈ সমগ্ৰ পৃথিৱীতে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা ক’ভিড-১৯ মহামাৰীয়ে ভাৰতবৰ্ষতো হেজাৰ হেজাৰ লোকৰ প্ৰাণ লৈ থকাৰ সময়তে চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ কেইবাজনো ভাৰতীয় সৈনিকক নৃশংসভাৱে হত্যা কৰাৰ পিছত স্বাভাৱিকতে ভাৰতীয়ৰ মনত চীনবিৰোধী স্থিতি তীব্ৰতৰ হৈ পৰিছে আৰু তাৰ ফলস্বৰূপেই ভাৰতবৰ্ষত চীনা সামগ্ৰী বৰ্জনৰ দৰে জনমত গঢ় লৈ উঠিছে৷ যোৱা বিত্তীয় বৰ্ষত ভাৰতে ৬৮ বিলিয়ন আমেৰিকান ডলাৰৰ চীনা সামগ্ৰী আমদানি কৰাৰ বিপৰীতে প্ৰায় ১৭ বিলিয়ন ডলাৰৰ ভাৰতীয় সামগ্ৰী চীনলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ তাৰ ফলত ভাৰতবৰ্ষৰ প্ৰায় ৫০ বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটি হৈছে৷ আন্তৰ্জাতিক বাণিজ্যৰ বিশ্বত চীন ভাৰতবৰ্ষৰ অন্যতম বন্ধু ৰাষ্ট্ৰ হোৱা হেতুকে এতিয়াৰ পৰিস্থিতিত ভাৰতীয়ৰ মনত নিতান্তই আৱেগিকভাৱে উদ্ভৱ হোৱা বাণিজ্যিক যুদ্ধখনে আমাক লাভান্বিত কৰিব নে শলঠেকতহে পেলাব তাক লৈ চৰ্চা চলিছে৷  
ভাৰতবৰ্ষই চীনৰ পৰা আমদানি কৰা মূল সামগ্ৰীবোৰ হৈছে ইলেক্ট্ৰনিক আহিলা, যন্ত্ৰ আৰু যন্ত্ৰাংশ, ৰাসায়নিক পদাৰ্থ, সাৰ, ষ্টীল আদি৷ আনহাতে চীনে আমাৰ দেশৰ পৰা আমদানি কৰা সামগ্ৰীসমূহ হ’ল কপাহ, তাম, প্লাষ্টিক, মূল্যবান ধাতু, লৱণ আদি৷ ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত থকা চীনা ব্ৰেণ্ডবোৰ হৈছে –শ্বাঅ’মি অ’প’, ভিভ’, হুৱাই, লেন’ভ’ আদি৷ সৰ্বজনবিদিত টিক-টক, পাবজি-মোবাইল, চেন্দাৰ আদি ‘এপ’ সমূহো চীন দেশৰে সৃষ্টি৷ স্মাৰ্টফোন, লেপটপৰ পৰা আৰম্ভ কৰি দেৱালীৰ লাইটকেইটাও চীনৰ পৰা আমদানি নকৰিলে আমাৰ নচলে৷ টেলিফোন আৰু ইন্টাৰনেটৰ আহিলাসমূহ চীনৰ পৰা আনিবলৈ আমি বাধ্য৷ চীনৰ মুঠ আমদানিৰ মাত্ৰ ০.৮ শতাংশ ভাৰতীয় সামগ্ৰীয়ে অধিকাৰ কৰি আছে; আনহাতে ভাৰতৰ মুঠ আমদানিৰ ১৪ শতাংইশই চীনা সামগ্ৰী৷ তেনেদৰে, চীনে ভাৰতলৈ ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ মুঠ চীনা ৰপ্তানিৰ ২.৩ শতাংশ; আনহাতে ভাৰতে নিজা ৰপ্তানিৰ ৫ শতাংশ চীনলৈ প্ৰেৰণ কৰে৷ ঔষধৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিৰতৰতে শ্ৰেষ্ঠতা দাবী কৰে; কিন্তু ঔষধ প্ৰস্তুতকৰণৰ কাৰণে আৱশ্যকীয় কেঁচামাল API (Active Pharmaceutical Ingredients) চীনৰ পৰাহে আমদানি কৰি অনা হয়৷ চীনা সামগ্ৰীৰ বজাৰ সমগ্ৰ বিশ্বতে আছে, কিন্তু চীনা আমদানিৰ অবিহনে ভাৰতীয় অৰ্থনীতি বৰ্তমান প্ৰায় অচল৷ ১৪ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰে চীন হ’ল বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি৷ আনহাতে পঞ্চম স্থানত থকা ভাৰতীয় অৰ্থনীতিৰ মূল্য হ’ল মাত্ৰ তিনি ট্ৰিলিয়ন ডলাৰ৷
আন্তৰ্জাতিক বাণিজ্যৰ ইতিহাস নতুন নহয়; নিজা দেশত উৎপাদন নোহোৱা সামগ্ৰী আন দেশৰ পৰা আমদানি কৰি অনা আৰু নিজা দেশত ৰাহিকৈ উৎপাদনৰ সুবিধা থকা সামগ্ৰীসমূহ অন্য দেশলৈ ৰপ্তানি কৰি বৈদেশিক মূদ্ৰা আহৰণেৰে সমৃদ্ধশালী হোৱাটো দেশসমূহৰ মাজত শ-শ বছৰৰ আগৰে পৰা চলি আহিছে৷  ঠাইভেদে প্ৰাকৃতিক সম্পদৰ বিতৰণত বৈষম্য থকা হেতুকে দেশ এখনে নাগৰিকসকলৰ বাবে আৱশ্যকীয় আটাইবোৰ সামগ্ৰী নিজা দেশতে প্ৰস্তুত কৰিব নোৱাৰে; আনহাতে কিছুমান সামগ্ৰী আকৌ নিজা প্ৰয়োজনীয়তাতকৈ কেইবাগুণো অধিককৈ উৎপাদন কৰিব পাৰে৷ জনসংখ্যা বা শ্ৰমিকৰ সংখ্যা বেছিকৈ থকা ভাৰত, বাংলাদেশ আদি দেশসমূহৰ শ্ৰমউৎপাদিত সামগ্ৰী (যেনে- কৃষিজাত সামগ্ৰী) উৎপাদন কৰাৰ অধিক সুবিধা থাকে আৰু সেইবোৰ অন্য দেশলৈ ৰপ্তানি কৰা হয়৷ তাৰ বিপৰীতে মূলধনৰ আধিক্য থকা জাপান, দক্ষিণ-কোৰিয়া আদি দেশে মূলধনজাত সামগ্ৰী (যেনে- লেপটপ, গাড়ী আদি) উৎপাদন কৰি ৰপ্তানি কৰে৷ আনহাতে ইচ্ছা থাকিলেও উৎপাদন কৰিব নোৱাৰা কিন্তু নহ’লেই নচলা খাৰুৱা তেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী সকলো দেশেই আমদানি কৰিবলৈ বাধ্য৷ আমদানিৰ তুলনাত ৰপ্তানি অধিক হ’লে দেশলৈ বৈদেশিক সম্পদৰ প্ৰৱাহ ঘটে আৰু সি দ্ৰুততৰ অৰ্থনৈতিক বিকাশৰ বাবে অতিকে লাগতিয়াল৷
বিংশ শতিকাত সামৰিক শক্তিৰ যোগেদি প্ৰভূত্ব বিস্তাৰ কৰা দেশমূহে একবিংশ শতিকাত অৰ্থনৈতিক শক্তিৰ যোগেদি বিশ্বত থিয় দিবলৈ লৈছে৷ প্ৰতিখন দেশে অৰ্থনৈতিক বিকাশ দ্ৰুততৰ কৰিবৰ কাৰণে দিনে-নিশাই কাম কৰি আছে৷ নিজা অৰ্থনীতিক তিলমানো ক্ষতিসাধন কৰিব পৰা কাৰকক আজিৰ উন্নয়নকামী দেশে প্ৰতিহত কৰিবলৈ বাধ্য৷ আৰ্থিক বিকাশৰ এক মূল অংগ আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰতো কথাটো একেই; ৰপ্তানি হ্ৰাস ঘটাব পৰা কাৰকসমূহৰ পৰা আজিৰ দেশসমূহে যিমান পাৰি আঁতৰত থাকে৷ সেয়েহে কোনো দেশ এখনৰ ৰপ্তানিক ক্ষতিগ্ৰস্ত কৰিব পৰা কাৰ্যকলাপৰ সূচনা ঘটাই অন্য দেশসমূহে বিশেষ দেশ এখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি যুদ্ধ নকৰাকৈয়ে ঈপ্সিত লক্ষ্য আদায় কৰিব পাৰি৷
প্ৰশ্নটো হ’ল, ভাৰতবৰ্ষই চীনৰ সৈতে সকলো বাণিজ্য সম্পৰ্ক ত্যাগ কৰিলে লাভ-লোকচান কি হ’ব? প্ৰথম কথা হ’ল চীনে নিৰন্তৰ প্ৰয়াসৰ যোগেদি বিগত সময়চোৱাত বিশ্বৰ বাণিজ্য সামগ্ৰী জগতখনক এনেদৰে গ্ৰাস কৰিবলৈ সক্ষম হ’ল যে কেঁচামালেই হওক বা চূড়ান্ত সামগ্ৰীয়েই হওক, চীনৰ পৰা আমদানি নকৰিলে নচলেই৷ বিশ্বৰ মুঠ নিৰ্মাণ সামগ্ৰীৰ ২৫ শতাংশ চীনতে প্ৰস্তুত হয়৷ মটৰ গাড়ী, কম্পিউটাৰ বা মোবাইল ফোনত কোনোবা নহয় কোনোবা এটি হ’লেও চীনত নিৰ্মিত অংগ থাকেই৷ ইন্টাৰনেট জগতখনো চীনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল৷ দ্বিতীয়তে, চীনে আমাৰ পৰা যথেষ্ট সামগ্ৰী আমদানিও কৰে৷ ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ ৫ শতাংশ চীন দেশৰ৷ গতিকে আমি চীনা সামগ্ৰী বৰ্জন কৰাৰ দৰে তেওঁলোকেও ভাৰতীয় সামগ্ৰী বৰ্জন কৰিলে আমাৰো আৰ্থিক ক্ষয় ক্ষতি হ’ব৷ বিগত চীন-আমেৰিকাৰ বাণিজ্য যুদ্ধত আমেৰিকাই চীনা সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰাৰ প্ৰত্যুত্তৰত চীনে আমেৰিকাৰ পৰা ৰপ্তানি হোৱা চয়াবিন আৰু অন্যান্য কৃষিজাত সামগ্ৰী গ্ৰহণ কৰিবলৈ অমান্তি হোৱাত আমেৰিকাৰ খেতিয়কসকল বিপৰ্যয়ৰ সন্মুখীন হৈছিল আৰু খেতিয়কসকলৰ স্বাৰ্থত আমেৰিকান চৰকাৰে ২৮ বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজ ঘোষণা কৰিবলৈ বাধ্য হৈছিল৷
আলপিনৰ পৰা আৰম্ভ কৰি যুদ্ধবিমানলৈকে সকলো সামগ্ৰী চীনে নিজ দেশতে নিৰ্মাণ কৰে৷ সেয়েহে চীনক ‘পৃথিৱীৰ কাৰখানা’ (Factory of the World) বোলা হয়৷ পেনিচিলিনকে আদি কৰি আমেৰিকাৰ ৯০ শতাংশ এন্টিবায়’টিক চীনতে নিৰ্মিত হয়৷ চীনৰ পৰা আমদানি বাদ দিলে ভাৰতীয় বজাৰত ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ দৰ অভূতপূৰ্ব ধৰণে বৃদ্ধি ঘটিব৷ অত্যাধুনিক প্ৰযুক্তিৰ বলত চীনে কম দামতে সামগ্ৰীসমূহ বিশ্বৰ বজাৰত উলিয়াই দিবলৈ সক্ষম; ভাৰতত সেইবোৰ সামগ্ৰীৰ উৎপাদন ব্যয়বহুল হোৱা হেতুকে আমি অধিক দাম ল’বলৈ বাধ্য৷
দেশ এখনৰ অৰ্থনৈতিক প্ৰগতিত আন্তৰ্জাতিক বাণিজ্যৰ অন্যতম ভূমিকা আছে৷ বাণিজ্যিক ৰাহিৰ যোগেদি দেশলৈ বৈদেশিক সম্পদৰ প্ৰৱাহ ঘটে৷ বিশ্বযুদ্ধ আৰু মন্দাৱস্থাই ভাঙি পেলোৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ কাৰণে বিংশ শতিকাৰ প্ৰথমাৰ্ধত বিশ্বৰ চহকী দেশসমূহে আন্তৰ্জাতিক বাণিজ্যত ৰাহি সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল৷ তাৰ কাৰণে প্ৰতিখন দেশে ৰপ্তানি বৃদ্ধি কৰিব পৰা আৰু আমদানি হ্ৰাস ঘটোৱা বিভিন্ন আৰ্থিক কৌশলৰ উদ্ভাৱন ঘটাইছিল৷  মুদ্ৰাৰ অৱমূল্যায়ন (devaluation), আমদানি শুল্কৰ বৰ্ধিত প্ৰয়োগ আছিল তেনে কিছুমান কৌশল৷ যিহেতু এখন দেশৰ আমদানি আন দেশৰ কাৰণে ৰপ্তানি, সেয়েহে আমদানি হ্ৰাস কৰিব বিচৰা এনে বাণিজ্যিক কৌশলৰ ফলত একে অনুপাতত বিশ্ব বাণিজ্যৰ মুঠ ৰপ্তানিও হ্ৰাস পাইছিল আৰু তাৰ ফলত আন্তৰ্জাতিক বাণিজ্যৰ মুঠ পৰিমাণ দ্ৰুত গতিত কমি আহিছিল৷ এনে নীতিৰ ফলত যে দৰাচলতে কাৰো লাভ হোৱা নাই, লোকচানহে হৈছে সেয়া সকলো দেশে বুজি উঠি ১৯৪৪ চনৰ বিশ্ববিখ্যাত ব্ৰিটন-উদ সন্মিলনত আন্তৰ্জাতিক বাণিজ্যত বন্ধুত্বপূৰ্ণ সম্পৰ্ক সৃষ্টিৰ কাৰণে ‘গ্যেট’ চুক্তি (General Agreement on Tariff and Trade) স্বাক্ষৰিত কৰে; আন্তৰ্জাতিক মুদ্ৰানিধি (IMF), বিশ্ববেংক আদিও স্থাপন কৰা হয়৷ ‘গ্যেট’ চুক্তিৰেই ৰূপান্তৰ ঘটি ১৯৯৫ চনত বিশ্ব বাণিজ্য সংঘ (WTO) ৰ জন্ম হয়, যিটো অনুষ্ঠানে এক মিতব্যয়ী আৰু হস্তক্ষেপহীন, মুক্ত আন্তৰ্জাতিক বাণিজ্যৰ কাৰণে নিজকে উৎসৰ্গিত কৰিছে৷ ভাৰত আৰু চীন দুয়োখন দেশ WTO ৰ সদস্যৰাষ্ট্ৰ হোৱা হেতুকে ভাৰতে পোনপটীয়াকৈ চীনা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা বা অতিৰিক্ত শুল্ক আৰোপ কৰাত অসুবিধা আছে৷ কাৰণ, তাৰ প্ৰত্যুত্তৰত চীনকে আদি কৰি অন্য দেশসমূহেও ভাৰতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ভাৰতৰে অপূৰণীয় ক্ষতি হ’ব৷ সেয়েহে তেনে প্ৰত্যক্ষ নীতিৰ সলনি আন দেশে টলকিব নোৱাৰাকৈ কিছুমান পৰোক্ষ নীতি গ্ৰহণ কৰিব লাগিব; গ্ৰাহকে চীনা সামগ্ৰী কিনিবলৈ বাদ দিলেই চাহিদা হ্ৰাস পাই আমদানিও কমি যাব৷ 
বিশ্বায়ন নীতি গ্ৰহণ, ভোগসৰ্বস্ব আলস্য জীৱন, ঘৰুৱা উদ্যোগসমূহৰ পতন (হত্যা?) আদি  অনেক কাৰণৰ ফলত বিগত বছৰবোৰত ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহৰ পৰনিৰ্ভৰশীলতা বৃদ্ধি পাইছে৷ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ উপৰিও মূলধনী বিনিয়োগৰ কাৰণেও আমি বিদেশলৈ মুখ মেলি চাই থাকিবলগীয়া হয়৷ দুশটা বছৰ ইংৰাজৰ অধীনত থকা কাৰণে ভাৰতীয়সকলৰ মনত জন্মগতভাৱেই বিদেশী সামগ্ৰীৰ প্ৰতি দুৰ্বলতা আছে৷ আমাৰ ৰজা-প্ৰজা সকলোৰে বিদেশী গাড়ী, বিদেশী ডিগ্ৰীৰ প্ৰতি বিৰাট মোহ এটা আছে৷ মধ্যবিত্ত লোকেৰে ভৰি থকা জনসংখ্যাৰ বিস্ফোৰণ ঘটা ভাৰতবৰ্ষৰ দৰে দেশ এখনক অন্য উন্নত দেশসমূহে আকৰ্ষণীয় বজাৰ বুলি গণ্য কৰে; ৰঙ বিৰঙৰ সস্তীয়া সামগ্ৰীৰে গ্ৰাহকক সন্মোহিত কৰে৷ বিদেশী সামগ্ৰী বুলি দহৰ আগত কৈ আমি যহাই ফুৰোঁ আৰু কোনো দেশে আমাৰ লগত যুদ্ধ কৰিবলৈ আহিলে সেই দেশৰ সামগ্ৰী বৰ্জন কৰিম বুলি ফেপেৰি পাতি ধৰোঁ৷ কেৱল চীনৰে কিয়, অন্য দেশসমূহৰ পৰাও যিমানদূৰ সম্ভৱ আমাদানি কমকৈ কৰিলে ভাল৷
মহাত্মা গান্ধীৰ দেশ ভাৰতবৰ্ষত ‘আত্মনিৰ্ভৰশীলতা’ বিষয়টোৰ গুৰুত্বক নকৈ বখানিবলগীয়া হোৱাতো নিতান্তই পৰিতাপৰ কথা৷ আত্মনিৰ্ভৰশীল এদিনতে হ’ব নোৱাৰি; তাৰ কাৰণে চীনৰ দৰে বিবেকৰ ওপৰত প্ৰতিষ্ঠিত ফলপ্ৰসূ নীতি অনুকৰণ কৰিব লাগিব৷ আন্তৰ্জাতিক বাণিজ্যৰ জগতখনক হাতৰ মুঠিত ৰাখিবলৈ চীনে দক্ষিণ চীন সাগৰত কৃত্ৰিম দ্বীপ সাজি অসাধ্য সাধন কৰিছে আৰু আমি বিশ্বৰ সৰ্বোচ্চ মূৰ্তি সাজি বাহঃ বাহঃ লৈছোঁ৷ আগতে কিতাপত পঢ়িবলৈ পোৱা ‘চীনৰ চকুলো’ হুৱাংহো নদী এতিয়া চীনৰ আশীৰ্বাদ; তাত সাজি দিয়া বান্ধবোৰত বছৰি সাতহেজাৰ মেগাৱাটৰ বিদ্যুৎ উৎপাদন হয়৷ আমি আজিকোপতি অসমৰ বানপানী সমস্যাটোকে সমাধান কৰিব পৰা নাই৷ চীনৰ দৰে আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে বহু কাম কৰিব লাগিব৷ পোনপ্ৰথমে, নম্বৰকেন্দ্ৰিক আৰু প্ৰায়োগিক গুৰুত্বহীন শিক্ষাব্যৱস্থাটোক ওফৰাই কাৰিকৰী আৰু বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰি তুলিব লাগিব৷ ধৰ্মান্ধতাক ৰজা প্ৰজা আটাইয়ে উৎখাত কৰিব লাগিব; ঘৰুৱা উদ্যোগসমুহৰ পুনৰ্জীৱিতকৰণ, নতুন উদ্যোগৰ বিকাশ, গৱেষণা আৰু উন্নয়ন আদি বিষয়ত ব্ৰতী হ’ব লাগিব৷ ‘মে’ক ইন ইণ্ডিয়া’ ৰ দৰে নীতি হাতে কামে ৰূপায়ণ কৰিব লাগিব৷ ন-পুৰণি সামগ্ৰীসমুহৰ উৎপাদন বৃদ্ধিৰ কাৰণে চৰকাৰে অনুকূল পৰিৱেশ এটিৰ সৃষ্টি কৰিব লাগিব৷ এই বিবেকৰ যুঁজখনত আৱেগৰো আৱশ্যকতা নোহোৱা নহয়৷ বিদেশী বস্তু দেখিলেই গা ইচাত বিচাত কৰা আমাৰ গ্ৰাহকসকলে নিজা মানসিকতা সলনি কৰি দেশীয় সামগ্ৰীক আকোৱালি ল’ব লাগিব৷ কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ চীনৰ সৈতে বাণিজ্য সম্পৰ্ক ছেদ কৰিলে নিজৰ বিপদহে চপাই লোৱা হ’ব৷

📝কৰুণা ফুকন
সহকাৰী অধ্যাপক,ডিগবৈ মহাবিদ্যালয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)