অসহিষ্ণুতাই মানৱতাক খৰ্ব কৰিছে নেকি?

Rinku Rajowar
0
সমাজপ্ৰিয়তা আৰু বৌদ্ধিক গুণৰ বাবেই মানুহ আন জীৱকুলতকৈ পৃথক। সামাজিক জীৱ হিচাপে মানুহে মানুহৰ প্ৰতি, আন জীৱৰ প্ৰতি দয়া-মমতা, সহনশীলতাৰ ব্যৱহাৰ দেখুৱাই আহিছে। সভ্যতাৰ বিকাশৰ পূৰ্বে মানুহ আৰু অন্যান্য জীৱৰ প্ৰজাতিসমূহৰ জীৱন শৈলীৰ বিশেষ প্ৰাৰ্থক্য নাছিল। অনুসন্ধিৎসু গুণৰ অধিকাৰী মানুহে নিজৰ বুদ্ধি আৰু জ্ঞানৰ কৰ্ষণেৰে সামাজিক, সাংস্কৃতিক বিৱৰ্তনৰ পথ অতিক্ৰম কৰি আহি সভ্যতাৰ শিখৰ স্পৰ্শ কৰিছিল। তেতিয়ালৈকে ঠিকেই আছিল। কাৰণ মানুহৰ শাৰিৰীক আৰু মানসিক তাড়না পূৰণৰ বাবে মানুহৰ সম্পদৰ অভাৱ নাছিল। ইপ্সিত সকলোবোৰ মানুহে সহজেই লাভ কৰিছিল। যাৰ কাৰণে মানুহৰ  অসন্তুষ্টি বা নোপোৱাৰ আশংকা কম আছিল। মানুহে শান্তি পূৰ্ণভাৱেই জীৱন নিৰ্বাহ কৰিছিল। কিন্তু মানুহৰ চিন্তা কৰ্ষণৰ যিমানেই উন্নতি ঘটিল, মানুহ স্বাৰ্থানেষী হৈ পৰিল। প্ৰকৃতিৰ ওপৰত অবাধ অত্যাচাৰ আৰম্ভ হ'ল। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমলসমূহৰ বিতৰণ হ'বলৈ ধৰিলে। ফলত মানুহৰ মাজত স্বাৰ্থপৰতাই গ্ৰাস কৰিলে আৰু  সামাজিক  স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থই অগ্ৰাধিকাৰ লাভ কৰিলে। 

     সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মাজত বিভাজনৰ সৃষ্টি হ'ল। মানুহ ধৰ্ম, জাতি, ভাষা ইত্যাদি বিভিন্ন ভাগত বিভক্ত হৈ নিজস্ব কিছুমান ধ্যান ধাৰণা আৰু আদৰ্শৰ মাজেৰে এক কেন্দ্ৰীকভাৱে নিজকে আৱদ্ধ কৰি ৰাখিবলৈ ধৰিলে। সময়ৰ লগে লগে মানুহৰ ভোগবাদী চিন্তা ধাৰাবোৰ বৃদ্ধি পাই অহাত সমলৰ অভাৱ ঘটিল। সমান্তৰালকৈ মানুহৰ মন মগজুত ভয়- আশংকা, হিংসা-অশান্তিয়ে ঠাই ল'লে। মানুহেই মানুহৰ বৈৰী হৈ পৰিল। সাধাৰণ কথাতেই হিংসা- হত্যা -কাজিয়াৰ ফলত  মানুহৰ মৃত্যু তেনেই সহজ হৈ পৰিল।যাৰ ফলত গণপ্ৰহাৰ, আত্মহনন  বৰ্তমান সময়ত নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। 

সম্প্ৰতি কৰ'ণাৰ আতংকৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাত ল'কডাউনৰ মাজত দিন নিৰ্বাহ কৰি মানুহ যেন এক প্ৰকাৰৰ কৰ্মবিমুখ হৈ পৰিছে। যাৰ ফলত মানুহৰ মাজত নেতিবাচক চিন্তা ধাৰণাই ঠাই লৈছে। য'তে ত'তে অনৈতিক ক্ৰিয়া কাণ্ড সংঘটিত হৈ সমাজখনকে এক নিৰাশাময় কৰি তুলিছে। ইয়াৰ মূলতে হৈছে মানুহবোৰ শিক্ষিত হৈছে যদিও জ্ঞানৰ অভাৱ। যাৰ ফলত মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে। বৰ্তমান যুগৰ উন্মত্ত ভোগবাদী শিক্ষাই আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই মানুহক কৃচ্ছসাধনাৰ পৰা বহু দূৰ আঁতৰাই নিছে। অধ্যয়ণবিমূখিতা, প্ৰতিটো ক্ষেত্ৰতে মানুহৰ নেতিবাচক দৃষ্টিভংগী, দায়িত্বশীল লোকসকলৰ নীতিবিৰোধ উদেশ্যপ্ৰণোদিত নেতিবাচক কৰ্ম, প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত হোৱা মানুহৰ মাজত ব্যৱধান, আশাবাদী-যোগাত্মক চিন্তাৰ অভাৱ আৰু কিছুমান অসৎ প্ৰবৃত্তিৰ লোকৰ কৰ্মই মানুহৰ মাজত অসহিষ্ণুতাৰ সৃষ্টি কৰিছে আৰু সাম্প্ৰতিক সময়ত মানৱতাৰ স্খলন ঘটাইছে। গতিকে সময় থাকোতেই আমি নিজকে সংশোধন কৰি ইতিবাচক চিন্তাৰে আৰু এক যোগাত্মক দৃষ্টিভংগীৰে সমাজত সহিষ্ণুতাৰ বীজ ৰোপণ কৰিব  লাগিব। স্ববিৰোধী কৰ্মৰ প্ৰত্যুত্তৰ কেৱল খং নতুবা হিংসাৰে দিয়াটোকে শক্তি বুলি নাভাবি সেই শক্তিকো আমি ক্ষমা, সন্মান, মৰমেৰে ইতিবাচক চিন্তাৰে শান্তিকামী শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ চিন্তা কৰিব লাগিব। ধৰ্ম বা জাতিক প্ৰাধান্য দি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাতকৈ মানুহে মানৱতাক গুৰুত্ব দি মানুহৰ মাজত শ্ৰদ্ধা - সন্মান আৰু প্ৰেমৰ উন্মেষ ঘটালে অসহিষ্ণুতাৰ নিশ্চয়কৈ উপশম ঘটিব। মানুহে অনিয়ন্ত্ৰিত মনক বশ কৰি বিবেকক জয়ী কৰিব লাগিব তেতিয়া নিজৰ লগতে সমাজৰো হিত হ'ব। 

শেষত Nichiren Daishonin নামৰ বৌদ্ধ  পুৰোহিতৰ কথা এষাৰ এই ক্ষেত্ৰত প্ৰণিধানযোগ্য -"Become the master of your mind rather than let your mind master you."

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)