জোনাকৰ পদূলিত
ককাৰ চোতালত
নিশা দুৱৰিত পোহৰ বিলাই
জোনাকী পৰুৱা জাকে ।
সেই পোহৰতে ককা বহি
গুণ গুনাই এফাঁকি ঘোষা ।
তাহানিতে গোৱা
বৰগীত ভটিমা,
অংকীয়া নাটৰ
সংলাপ আদি আঁউৰাই ।
জোনাকীৰ পোহৰতে বহি
আইতাই নাতিয়েকক কোলাত লৈ
মৰমতে এফাঁকি নিচুকনি গীত গাই ।
সেউজীয়া প্ৰকৃতিয়ে
থৰ লাগি শুনে
ককাৰ তাহানিৰ সংলাপ ।
মৰমৰ ককাৰ পৱিত্ৰ হৃদয়ত
অপকৰ্ষ বোৰ শুনিলে
আজিও ভৰি পৰে মোৰ মন প্ৰাণ ।
উৎফুল্লিত হওঁ মই
ককাৰ মাধুৰ্য গুণ বোৰত ।
আজিও কাণ পাতি শুনো মই
ককাৰ সেই তাহানিৰ সংলাপ বোৰ
হৃদয় হয় আজি মোৰ জাগ্ৰত ।।
📝বিনিতা বৰা
হোজাই জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ