(সি বহাৰ পৰা উঠি ভাস্কৰ হঁতৰ ঘৰৰ ভিতৰলৈ গ'ল)
শৰৎ ঋতুয়ে আনিছে পূজাৰ বতৰা।গাঁও খনত এক উখল-মাখল পৰিৱেশ।পূজা কেইদিন মান আগতেই জোনাকে নিযুক্তি পালে।পূজাৰ বন্ধ বাবে ঘৰতে আছে।ঘৰৰ অন্যবোৰ মানুহ ওলাই গৈছে।অনিন্দ্য আৰু শুভম গৈছে দোকানলৈ,দোকানত বেলেগ এজন থাকে যদিও সিহঁতে আবলি সময়ত সদায় যায়।নিয়ৰ ঘৰত অকলে আছে বাবে শুভমৰ মাকে জোনাকক খবৰ ল'বলৈ কৈ গৈছে,পিছে সি হে যোৱা নাই ।সদায় তাইৰ ওচৰৰ পৰা বিফল মনোৰথ হৈ উভতি আহিব লগা হয়।এই ৭/৮ মাহে সকলোকে অলপ সলনি কৰিব পাৰিলেও নিয়ৰক যে ওভতাই আনিব পৰা নাই তাইৰ ভাব জগতৰ পৰা।
তাৰ মনটো অশান্ত হৈ পৰিল, কি কৰিব সি?ভাস্কৰৰ কথা এটা ৰাখিব পৰা নাই।নিয়ৰক কেনেকৈ ঘূৰাই আনিব বাস্তৱলৈ?সি বহাৰ পৰা উঠি নিয়ৰৰ ওচৰলৈ গ'ল,আজি কিবা এটা কৰিব।সি শেষ বাৰৰ বাবে চেষ্টা কৰিব।
ঐ ছাগলী কি কৰিছ?_____অকস্মাৎ জোনাকৰ মুখৰ পৰা উলাই গ'ল কথাষাৰ।একেথৰে বাহিৰলৈ চাই থকা নিয়ৰে সোঁহাতৰ আঙুলি মুঠি মাৰি জোনাকক মাৰিবলৈ ঘূৰি চালে।
জোনাকক সন্মুখত দেখি নিয়ৰ ৰৈ গ'ল।এনেদৰে ছাগলী বুলি কৈ ভাস্কৰে তাইক জোকাইছিল,তাতে জোনাকৰ মাতটো অলপ ভাস্কৰৰ দৰে।সেইয়ে কিছুসময়ৰ বাবে পাহৰি গৈছিল সকলো আৰু ভাস্কৰ বুলি ভাবি জোনাককে মাৰিবলৈ উদ্যত হৈছিল নিয়ৰ।জোনাকে ধৰিব পাৰিছিল কথাটো,সি সুযোগটো এৰি দিব নুখুজিলে।তাই নিজৰ ভাবত বিভোৰ হোৱাৰ আগতেই হাতত ধৰি জোৰকৈ বিছনাৰ পৰা নমাই দি চোতাললৈ উলিয়াই আনিলে।প্ৰথমে তাই চিঞৰিছিল,পিছত মিনতি কৰিছিল,তাৰ হাতৰ পৰা এৰি আহিবলৈ যুঁজ বাগৰ কৰিছিল যদিও দুৰ্বল ছোৱালী জনী জোনাকৰ হাতৰ পৰা ওলাই আহিব পৰা নাছিল।জোনাকে নিয়ৰক লৈ গৈছিল ভাস্কৰ হঁতৰ পাছফালে থকা পুখুৰীটোৰ পাৰলৈ।বহুদিনৰ মূৰত এই ঠাইলৈ আহি নিয়ৰৰ মনটো কেনেবা লাগি গ'ল।জোনাকে তাইক লিচু জোপাৰ তলত বহুৱাই দিলে।
মোক কিয় ইয়ালৈ আনিলা?___নিয়ৰে উচুপি উচুপি ক'লে।কিমান স্মৃতিৰে ভৰি আছে এই ঠাই,নাই তাই এক মূহুৰ্তও থাকিব নোৱাৰে এই ঠাইত।কিন্তু যাব কেনেদৰে?! জোনাক যে তাইৰ সন্মুখত আছে।জোনাকে একো কোৱা নাই।অন্তৰত লুকাই থকা সমস্ত দুখ চকুৰ পানীয়ে ধুই নিয়ক।ইফালে অনিন্দ্য আৰু শুভম ঘৰলৈ আহি নিয়ৰৰ চিঞৰ শুনি শুভমহঁতৰ ঘৰলৈ গৈ জোনাকে নিয়ৰক টানি উলিয়াই অনা দেখি আচৰিত হ'ল।একো বুজি পোৱা নাছিল সিহঁতে।কি কৰিম,কি নকৰিম ভাবি থাকোতেই সিহঁতৰ আগৰে নিয়ৰক অনিন্দ্যহঁতৰ ঘৰৰ পাছফালে নিয়া দেখি দুয়ো তালৈ আঁতৰৰ পৰা চাই থাকিল।
তই কেতিয়াৰ পৰা ইমান স্বাৰ্থপৰ হ'লি?কেৱল নিজৰ কথাকে ভাবি কিয় শাস্তি দিছ আনক?জোনাকে কৰা প্ৰশ্নত নিয়ৰে তালৈ চালে।
আগলৈ•••••••।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ