পাৰত্ৰিক

©Admin
0
মোৰ মৃত্যুৰ দিনা
তুমি জানো উমান পাবা?
যদিও পোৱা খবৰ
দহন-বহন কৰিব জানো আহিবা?
শেষ বাৰলৈ উকা শুকুলা বস্ত্ৰ আঁতৰাই
মোৰ মুখমণ্ডল পৰিদৰ্শন জানো কৰিব পাৰিবা?
যেতিয়া তুমি মোৰ নিথৰ
দেহক স্পৰ্শ কৰিবা?
নিগৰিবনে দুচকুৱে চকুলো
এই অভাজনৰ পৰকাল প্ৰাপ্তিৰ সেই ক্ষণত?
মোৰ অনুপস্থিতিত
তোমাৰ বাৰু মোলৈ মনত পৰিবনে?
নষ্টালজিয়া স্মৃতি বোৰে  আহি
তোমাক বাৰু নিতৌ আমনি কৰিবনে?

📝কিৰণজয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)