বৰ্ষা

©Admin
0
তোমাৰ ভিজা চুলিটাৰিৰ মুগ্ধকৰ এটি নিচা৷
হাবিয়াস ভৰা লাজুকি চাৱনিত মই বধিৰ হৈ পৰো
কম্পনৰত থোকা মাতে নাজানো কিয় তন্ময় নহৈ নোৱাৰোঁ।
তোমাৰ লাজুকিবন সদৃশ মেঘাচ্ছন্ন আভৰণে যে যি টি আশাৰ সঞ্চাৰণ দিয়ে!_
আহ্ ! তুমি নুবুজিবা
বুজিও নাপাবা তোমাৰ ওঠঁৰ লয়লাসৰ ভাষা ৷
ধৰিত্ৰী বৰ্তমান প্ৰসৱসম্ভৱা!
_তোমাৰ আলিঙ্গণৰ ৰহণে যি টি ঝংকাৰ তুলে সেয়া হয়তু নুপূৰেও হাৰ মানে!
_প্ৰাণৰ মমতাত বলীয়ান সেই সৱ সৰ্বহাৰা মূকবধিৰ কাকূতি তুমি অনুমান কৰিব নোৱাৰা!_
তোমাৰ প্ৰতি আকুলতাৰ বুঁটা বাচে!_
লক্ষ্যভ্ৰষ্ট ৰুহিঙ্গিয়াৰ কপালত যেতিয়া নেকি তোমাৰ এটোপাল অশ্ৰু!. টোপ.!_
_তুমি নুবুজিবা, তোমাৰ মাতৃত্বৰ গৌৰৱত তেওঁলোকৰ প্ৰাণ।_
_মই নো কোন?... তোমাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক বিপ্লৱৰ সূচনা_!
_তুমি নুবুজিবা মোৰ স্বাভিমানৰ ব্যাসাৰ্ধ!_
_কংক্ৰিটটি চোৱা, তেনেই চাপৰ!_
_মোৰ লক্ষ্য গগণচুম্বী!_
_বৰ্ষা, তুমি জানোচা জানা মোৰ হৃদয়ৰ হাহাকাৰে অজানিতে মোক কেতিয়াবা সংগ নিদিয়ে;_
_মই কান্দো,চিৎকাৰ কৰোঁ!_
_কোনো নুশুনে,,কি কৰিম কোৱা?_
_মই বহুত লক্ষ্য প্ৰাপ্ত কৰিলোঁ!_
_তুমি থমকি নৰ'বা বৰ্ষা, নৰ'বা।_
_মোৰ শূণ্যতাত ধৰিত্ৰীৰ উৎসৱ উদযাপিত হ'ব,_
_কিন্তু তোমাৰ অনুপস্থিতিত.....!_
_উফ! অসহ্য অনুভৱ!_
_মোৰ বুকুৰ ধৰিত্ৰীয়ে কিয় জানো তোমাৰ উপস্থিতি বৰকৈ বাসনা কৰে!_ 
_কিয় জানো?_
_তোমাৰ প্ৰসৱসম্ভৱা অস্তিত্বৰ বাবেই ছাগৈ!_
_তুমিটো নাজানা তোমাৰ আত্মসত্বাই প্ৰাণ দিয়ে!_
_আৰু আমাৰ আত্মসত্বাই ধ্বংস.....!_


 ✒️ হোমেন গগৈ
সোণাৰি মহাবিদ্যালয়
        চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)