আধৰুৱা প্ৰেম কাহিনী- সত্যমৰ বিদায় ক্ষণত নিতুৰ প্ৰেম নিবেদন খণ্ড - ১৯

©Admin
0

সন্ধিয়া বিয়া ঘৰৰ ৰমকজমক তাৰ মাজতে সত্যমহঁতৰ কেমেৰা চেটিং ঠিকঠাকত 

ব্যস্ত ৷ সত্যমে কেমেৰাৰ মানুহকেইজনক নিৰ্দেশ দি আছে মাজে মাজে হাঁহি ধেমালি চলি আছে এনেতে বিয়াঘৰৰ গৃহস্থই সকলোলৈ চাহৰ ব্যৱস্থা কৰি ক'লে 

" আপোনালোকে চাহ খাই লওক পাছত সময় নিমিলিবই " মিঃ ৰাজুৱে ক'লে

" হয় ঠিকেই কৈছে সত্যম কিছু সময়ৰ বাবে কাম বন্ধ কৰি চাহকাপ খাই লোৱা হওঁক "

সত্যমে সকলোকে চাহ খাবলৈ নিৰ্দেশ দিলে লগতে নিজেও বহিল হাতত চাহকাপ লৈ ক'লে

ৰাজুদা দৰা ঘৰৰ মানুহ কিমান সময়ত আহি পাবহি ? "

মিঃ ৰাজুৱে ক'লে

" এঘাৰটামান বজাত আহি পাবহি কাৰণ বিয়াৰ শুভ মুহূৰ্ত বাৰ বাজি ষোল্ল মিনিটত আছে গতিকে তাৰ আগতে আমাৰ কেমেৰা লাইট আৰু মাইকৰ কাম সোনকালে সমাপ্ত কৰিব লাগিব "

সত্যমে ক'লে

" হয় আপুনি ঠিকেই কৈছে "

সত্যমে কাপপ্লেট থৈ তেন্তে বলক কাম সোনকালে সমাপ্ত কৰোঁ নহলে সময় হাতৰ পৰা ওলাই যাব " 

সকলোৱে আকৌ নিজৰ নিজৰ কামত লাগিল ৷ ঘড়ীৰ কাঁটাত নটা বাজিল ঘৰৰ গৃহস্থই আহি সকলোকে ভাত খাবলৈ মাতি থৈ গ'ল ৷ সত্যম ভাত খাবলৈ যাব লওঁতে পাছফালৰ পৰা দিবাকৰ আহি হাতত ধৰি ৰখাই দিলে আৰু ক'লে 

" কি হ'ল আপুনি যে মোক এৰি থৈ অকলে ভাত খাবলৈ যায় ? "

সত্যমে দিবাকৰৰ কান্ধত হাত থৈ মিচিকিয়া হাঁহি মাৰি ক'লে 

" অ চৰী তোমাক পাহৰিয়েই গৈছিলো

 বলা "

দিবাকৰে অলপ খং দেখোৱাই ক'লে

 " অ এতিয়াই মোক পাহৰিছে , ইয়াৰ পৰা গুচি যোৱাৰ পাছত দিবাকৰ কোন বুলি সেইয়াও পাহৰি যাব "

সত্যমে দিবাকৰ মূৰত হাত ফুৰাই মৰম কৰি ক'লে

" কিয তেনেকৈ কৈছা মই বা তোমাক কিয় পাহৰিম তুমি তো মোৰ বেষ্ট ফ্ৰেইণ্ড এতিয়া খং এৰা আৰু বলা নহলে দেৰি হৈ যাব ভাত খোৱাই নহব " 

দিবাকৰ সত্যমৰ হাতত ধৰি ভাতৰ টেবুলত বহিলগৈ ৷ আধাঘণ্টা ধৰি খোৱা বোৱা চলিল তাৰপাছত সত্যমে কেমেৰা মেন এজনক নিৰ্দেশ দি ক'লে

" আপুনি দৰা ঘৰৰ গাড়ীখনৰ শ্বট লব আৰু বাকী সকলে পাণ্ডালত চেটিং অনুযায়ী নিজৰ নিজৰ দায়িত্ব পালন কৰিব কাৰোবাৰ কিবা সুধিবলৈ আছে নেকি ? "

সকলোৱে নাই বুলি ক'লে ৷ সত্যমে ঠিক আছে বুলি কৈ নিজে অভিনয়ৰ বাবে তৈয়াৰ হবলৈ গ'ল ৷ মেকআপ ৰুমত সকলো অভিনেতালৈ উদ্দেশ্যি সত্যমে ক'লে

আপোনালোকে নিজৰ নিজৰ চৰিত্ৰৰ প্ৰতি গুৰুত্ব দি অভিনয় কৰিব কাৰণ এইখন চিনেমা মোৰ জীৱনৰ সপোন গতিকে মই আশাম্বিত "

সকলোৱে একেষাৰে ক'লে 

" হয় আমি আপোনাক নিৰাশ নকৰোঁ চিন্তা নকৰিব "

এনেতে দৰাঘৰীয়া গাড়ীৰ মাত শুনা গ'ল ইতিমধ্যে সকলোৱে নিজৰ নিজৰ কামত লাগিছে ৷ শ্বটিং আৰম্ভ হ'ল ৷ আৰু শেষত ভৱামতে সুন্দৰকৈ শ্বটিং চলি গ'ল ৰাতিপুৱা সময়ত ছোৱালীৰো বিদায় হ'ল আৰু সত্যমেও যাবলৈ সাজো হ'ল ৷

সত্যমে মিঃ ৰাজুলৈ চাই ক'লে

আপোনাক কিদৰে ধন্যবাদ জনাও আপোনাৰ অবিহনে এই শ্বটিং সম্ভৱ 

নাছিল "

দিবাকৰৰ মাকলৈ চাই ক'লে

" আপোনাকো বহুত বহুত ধন্যবাদ দিওঁ ইমান দিন ধৰি অতিথি সৎকাৰ নিস্বাৰ্থভাৱে কৰাৰ বাবে " 

এইবাৰ দিবাকৰলৈ চাই কবলৈ লওঁতেই দিবাকৰ দৌৰি আহি সত্যমক সাবটি ধৰি কান্দি কান্দি কবলৈ ধৰিলে 

" আপুনি মোক পাহৰি নাযাব মই আপোনাক নিজৰ দাদা বুলি ভাৱো কাৰণ মোৰ কোনো দাদা নাই "

সত্যমে দিবাকৰৰ কন্দা দেখি অলপ সেমেকি লাহেকৈ ক'লে তোমাকো মই ভাইটি বুলিয়েই ভাৱোঁ চিন্তা নকৰিবা মই এইখন বাগিচাৰ পৰাহে গৈছো যি এদিন নহয় এদিন যাবই লগিব গতিকে হৃদয়ৰ সম্পৰ্ক সদায়ে হৃদয়ত থাকিব আৰু স্কুলৰ বন্ধত তোমাক মই নিজেই নিবলৈ আহিম ভালকৈ পঢ়াশুনা কৰিবা " 

দিবাকৰক মাকে বুআাই পৰাই সত্যমক যাবলৈ বাট এৰি দিলে দুধাৰি চকুলোৰ সৈতে ৷ মিঃ ৰাজুৰো নয়নেদি দুধাৰি বাগৰিছে ৷ মিঃ ৰাজুৱে  চকুলো মচি ক'লে 

" চিনেমা ৰিলিজ মহৎসৱত মোক মাতিবা আকৌ "

সত্যমে ক'লে 

" নিশ্চয় মাতিম এয়া আপোনাৰ অধিকাৰ এতিয়া মই আহিলো ৷ সত্যম গাড়ীত বহিল ৷ গাড়ীখন লাহে লাহে চলি গ"ল ৷

সকলোৰে দৃষ্টি গাড়ীখনলৈ ৷ দিবাকৰ মাকক সাবটি ধৰি মিহি মিহিকৈ কান্দিবলৈ ধৰিলে ৷ গাড়ীখন  শাৰী শাৰী চাহনিৰ মাজেদি চলি গৈ আছে হঠাৎ সত্যমে কৈ উঠিল 

" ষ্টপড দা কাৰ " 

গাড়ীখন ড্ৰাইভাৰে ৰখাই দিলে সত্যম গাড়ীৰ পৰা নামি গাড়ীৰ কিছু আগত শান্তমনে প্ৰশ্নবোধক দৃষ্টিৰে কাৰোবালৈ চাই আছে সত্যম কাষত গৈ থিয় হ'ল ৷ সত্যম কিবা এটা কবলৈ মুখখন মেলোতে নিতুৱে তাক সাবটি ধৰিলে ৷ সত্যম অলপ অপ্ৰস্তুত অনুভৱ কৰিলে কিন্তু নিতুৰ ব্যথা বুজিবলৈ চেষ্টা কৰি নিতুক নিজৰ পৰা আঁতৰাই ক'লে

" এয়া কি মই একো বুজিব পৰা নাই 

নিতু ? "

নিতুৱে মূৰ তল কৰি ক'লে 

" মই আপোনাৰ আগত ক্ষমাপ্ৰাৰ্থী এনেধৰণৰ ব্যৱহাৰ কৰাৰ বাবে কিন্তু কি কৰিম এই মনটো নুবুজেই আপোনাক প্ৰথম দেখাতে আপোন বুলি ভাৱি ল'লে "

সত্যমে ক'লে কথাটো পিছে হয়ময়ো অনুভৱ কৰিছিলো কিন্তু কবলৈ সাহস হোৎ নাছিল আৰু মই জানিবুজিয়েই ইগনৰ কৰি আছিলো কিন্তু তোমাৰ সাহসত মই সাৰ পালোঁ কি তুমি মোৰ জীৱন সংগীনি 

হবানে ? "

নিতু লাজ পাই দুই হাতেৰে মুখখন ঢাকি ধৰিলে ৷

                   আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)