আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
মই যিমান পাৰো সিমান সোনকালে খুৰাক পিছৰ চিটত বহুৱাই এইবাৰ জ্যোতিপুৰ ৰাজহুৱা শ্মসানলৈ বুলি ঢাপলি মেলিলো ৷ সমুখলৈ অহা ঘনকুঁৱলিয়ে দৃশ্যমান শৰীৰৰ অংশবোৰ চুই গৈছিল ৷ কুঁৱলিৰ মাজেৰে ভঙা টৰ্চ লাইটৰ দৰে জ্বলিছিল মোৰ গাড়ীৰ লাইট ৷ ভগৱানক এটাই প্ৰাৰ্থনা কৰিছিলো হে ভগৱান অইন নহ'লেও পৰীৰ সাধু শুনি ভালপোৱা তেজস্বিনীৰ পৰী দুজনীৰ মুখলৈ চোৱা এবাৰ আৰু মোক সত্যতা ফাডিল কৰিবলৈ আৰু অলপ সাহসী কৰি তুলা ৷
▪▪▪▪▪▪▪▪▪
( টোপনি অহা নাই ৷ সাৰে থাকি চকু মুদি আছো ৷ মাথোঁ টোপনি গৈছিল মোৰ শুকান পিয়াহ চুপি থকা লেচেৰা ঠাৰিৰ পৰীদুজনী ৷ এদিন দুদিনকৈ সিঁহতে এখন অজলা পৃথিৱীত দৌৰি ফুৰিছে বাৰে বাৰে মোৰ শুকান পেটত গোৰ মাৰে ... এক অবাধ স্বাধীনতাত - তেজস্বিনী)
এৰা দহমাহ তাইৰ পেটৰ ৰখীয়া হৈ আছিল পৰী দুজনি ৷ কাৰ পৰা ... বাপেকৰ পৰা হয়তো ... হয়তো ভোকৰ নিলাজ আৱৰণৰ পৰা ৷ ওফন্দা পেটত ভোক থাকেনে? ভোক ভোক ভোক মৰমৰ ভোক, তেজস্বিনীৰ লোহা যেন হাড়বোৰৰ মুঠিৰ ঢকাটোৱেও বহুৱাই দিব নোৱাৰে মৰমৰ ভোক ৷
পৰীদুজনীৰ ভোক চাৰি গৈ থাকে ৷
মাকৰ খং উঠি থাকে৷
আৰু...
অকটা খায় দুভাগ ৰাতি দুঁৱাৰত টোকৰ দিয়া বাপেকে ভাগ কৰে ভোগ ৷ এভোগ তেজস্বিনীলৈ এভোগ পৰীদুজনীলৈ ৷
তেতিয়া তেজস্বিনীক মই কৈছিলো, পেটৰ ভোকমোৰ মাৰিব নোৱাৰিলে ক্ষীণাই যাবি কিন্তু মৰমৰ ভোকমোৰ মাৰিব নাজানিলে জীৱন হাৰি যাবি ৷ খেগাৰ গিলা মানুহজনীলৈ তই ভয় কৰিছ? সুধ সেইজনীক নাৰীৰৰ পেটত নালাগে নেকি আকুলৰ ভোক?
▪▪▪▪▪▪▪▪▪▪
- আৰু এখোঁজো আগ নাবাঢ়িবি মিঃ অংকুৰ নিবিৰ চৌধুৰী ৷ তোৰ হাতৰ জুঁইৰ যদি এটা ফিৰিঙটিও তেজস্বিনীৰ চিতাত পৰে তেন্তে মহাকালিৰ শপত জীয়াই জীয়াই তোক মই এই একেটা চিতাতে জ্বলাই দিম ৷ ভাবিছ নেকি যে তই বাচি যাব পাৰিবি? আকষ্মিক দূৰ্ঘটনাত নিহত কোনো ব্যক্তিৰ যে পষ্টমৰ্টন নোহোৱাকৈ মৃতদেহ সৎকাৰ কৰাটো এটা বেআইনী কাম, এটা অপৰাধ তই হয়তো নাজান ৷ আইন সকলোৰে বাবে একেই ৷ হব পাৰে তোৰ লেতেৰা হাতখন দীঘল কিন্তু সেইবোৰ লেতেৰা হাতৰ জাৱৰ সমাজৰ পৰা কেনেকৈ কাটি পিচ পিচ কৰি চফা কৰিব লাগে সেইটোও ভালকৈ জানোঁ মই ৷ গতিকে শুন তই এইবাৰ মই যি কৰিম তাত যদি তই কিবাপ্ৰকাৰে বাধা দিয়াৰ চেষ্টা কৰ তেন্তে তোৰ বিৰুদ্ধে এনেকুৱাকৈ কেচফাইল কৰিম যাৰ পৰা তই জীৱনত জিকি আহিব নোৱাৰিবি অংকুৰ ৷
বুকুখনৰ দুখন পতাত এফালে অংকুৰৰ লগত যুজাৰ সাহস অলপ আৰু আনফালে যুজত জিকাৰ সন্দেহৰ হৰণ-পূৰণ অংক কিছুমানক লগত বান্ধি অংকুৰক তেনেকৈ কৈছিলো ৷
তেনেকৈ কৈ অংকুৰক ৰখাবটো পাৰিছিলো কিন্তু মৃতদেহ সৎকাৰৰ বাবে অহা অংকুৰহঁতৰ গাঁৱৰ বাকীবোৰ মানুহক কেনেকৈ ৰখাব পাৰিম ভাবি পোৱা নাছিলোঁ ৷ ভাবি থাকোঁতেই মানুহবোৰৰ মাজত বু-বু বা-বা চলিবলৈ ধৰিছিল আৰু এজন দুজনকৈ মানুহ তাৰ পৰা নোহোৱা হৈ পৰিছিল ৷ নেদেখাজনৰ প্ৰতি ঘপকৰে কিবা এটাৰ ভাৱৰ জন্ম হৈছিল ৷ ভাৱটোৰ কথা পিছলৈ থৈ দিলো ৷
▪▪▪▪▪▪▪▪▪▪▪
মুখৰ ভিতৰৰ আবেলিবোৰৰ দৃশ্য আমি জানোঁ দেখিছোঁ? সেইটো আকৌ কেনেধৰণৰ প্ৰশ্ন? মুখৰ ভিতৰটো আবেলি হয়?
নহয়, মুখৰ ভিতৰৰ আবেলিবোৰ কেৱল সাধুকথাতহে হয় বাস্তৱত নহয় এয়া এজন বিজ্ঞলোকৰ ধাৰণা? তেন্তে কবিৰ মতে "তোমাৰ চুলিখিনি আবেলি আবেলি গোন্ধাইছিল" সেই ধাৰাণাও সাধুৰে নহয় জানোঁ?
নহয়, আচলতে সাধুকথাৰ বিস্ময়কৰ ঘটনাবোৰৰ দৰে জীৱনৰ প্ৰত্যেকটো সৰু সৰু ঘটনাই সমানে মূল্যবান ৷ সাধু কথা যিদৰে কথা কোৱা গছ-বনবোৰৰ অবিহনে অৰ্থহীন,আমোদহীন ঠিক তেনেদৰে জীৱনৰ সুখ-দুখবোৰৰ অবিহনে জীৱনৰ সাধুও মূল্যহীন ৷ সেইবাবেই হয়তো একাষৰীয়াকৈ তেজস্বিনীয়ে গম নোপোৱাকৈ ৰাখিলো নামটো "জীৱনৰ সাধু" ৷
▪▪▪▪▪▪▪▪▪▪
গাঁৱৰ মানুহবোৰ নোহোৱা হোৱাৰ পিছত অংকুৰ অকলশৰীয়া হৈ পৰিছিল আৰু মই সেই সুযোগৰ চেগ ল'লো ৷ মই মোৰ হস্পতালৰ সহকৰ্মী নিশিকেষ আগৰৱালালৈ ফোন লগালো আৰু যিমান পাৰে সোনকালে এখন এবুলেঞ্চ পঠিয়াই দিবলৈ ক'লো ৷ তেজস্বিনীৰ পষ্টমৰ্টন হবই লাগিব ৷
বেচেৰা নিশিকেষটোৱে সিদিনা মোৰ বাবে ভালখন ধেমালি খেলিব লগা হ'ল ৷ মই ইমান বেছিও স্বাৰ্থপৰ নহয় যে মোৰ স্বাৰ্থ পূৰণৰ বাবে পিছনিশাখন কাৰোবাক ইমান কষ্ট দিম ৷ কিন্তু দায়িত্ব শব্দটো বৰ বিচিত্ৰ শব্দ ৷ কাৰোবাৰ কাৰণে ই ডিঙিৰ হাড়মাল , আন কাৰোবাৰ কাৰণে ভৰিৰ চেণ্ডেল ৷ নিশিকেশে হয়তো মোৰ পৰিস্থিতিটো নিজৰ দায়িত্বৰে জোখি চাইছিল সেয়ে চাগে নিশিকেষে বহু কষ্ট কৰি মোৰ বিপদত সহায় কৰিব পৰা এজন ব্যক্তি ডাক্টৰ ঋষভ খান্নাৰ সতে কথা পতাই দিছিল ৷
- "পাতিল নাৰ্চিংহোম? যি এক অবৈধভাৱে চলি অহা নাৰ্চিংহোম ৷ য'ত মিঃ ৰিতেশ পাতিল আৰু সুনিতা পাতিলো কোনো ডাক্টৰৰ ডিগ্ৰীৰ অবিহনে সাধাৰণ মানুহৰ জীৱনৰ লগত খেল খেলে ৷ আজিৰ পৰা দুটা বছৰৰ আগত অক্সিপেল হস্পতালৰ চিনিয়ৰ ডাক্টৰ প্ৰদীপ ৰয়ে এইখন নাৰ্চিংহোমৰ বিৰুদ্ধে যদিও অনুসন্ধান চলাইছিল তাৰ পৰা এনে কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নাপালে যাৰ বাবে অবৈধ, বেআইনী বুলি আদালতত উত্থাপন কৰিব নোৱাৰিলো ৷ গতিকে মোৰ পূৰ্ণ বিশ্বাস তেজস্বিনী চৌধুৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণ পাতিল নাৰ্চিং হোমতে ওলাব ৷ তোমাৰ আচল যুঁজৰ আৰম্ভণি হৈ গৈছে ডাক্টৰ ৰাগিনী ৷ মই যিমানখিনি জানো ক'লো তোমাক বাকী তোমাৰ ওপৰত তুমি যুঁজিব লাগিব নহয় হাৰিব লাগিব ৷"
সেইসময়ত ডাক্টৰ ঋষভ খান্নাই কিবা কিবি আৰু কৈছিল ৷ কিন্তু মোৰ মনটোৱে মাত্ৰ এটা শব্দই আওৰাই আছিল "পাতিল নাৰ্চিং হোম " ৷ মই যুঁজিম ৷ ঋষভ খান্নাৰ কেইবালানি বাক্যই মোক কেনেকৈ যুঁজিম তাৰ কিছু ধাৰণা দি গৈছিল ৷ এতিয়া মাথোঁ অপেক্ষা কৰিছিলো পষ্টমৰ্টন ৰিপৰ্ট অহালৈ ... ( আগলৈ)
🖋️দিব্যজ্যোতি ৰাজখোৱা,দেৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ