এজাক বৰষুণৰ অপেক্ষাত-০১

Rinku Rajowar
0
এটা ধাৰাবাহিক কাহিনী আগবঢ়াবলৈ লৈছো। নাজানো কিমান দূৰ আগবাঢ়ি যাব পাৰিম। আশা কৰো আপোনালোকে কাহিনীটো আকোঁৱালি ল'ব। 
আজি কলেজৰ প্ৰথম দিন। বহুখিনি আশা লৈ কলেজলৈ বুলি ওলাইছো।নতুন কলেজ, নতুন ঠাই, নতুন বন্ধু আৰু যে ক'ত  কি।
অহ! ৮ টা বাজিবৰে হ'ল ৯ বজাৰ পৰা ক্লাছ তাতে আকৌ গাড়ী কাৰণে ৰ'ৱলৈ আছেই। ভাত কেইটা নাকে কাণে গুজি ওলাই গৈছো। প্ৰায় ৯ বাজিবলৈ ১৫ মিনিট থকাত কলেজ পাইছো গৈ। চিনিয়ৰ বা, দাদা সকলে সকলোকে ৰুম বোৰ চিনাকি কৰাই দিছেহি। ভয়ে ভয়ে শেষৰ বেঞ্চ খনত বহি আছো।

      -------hey
      ------ Hii
      ------I'm Barsha and you
      ------মই জীয়া।
বৰ্ষা------নতুনকৈ আহিছা?
মই লাহেকৈ উম্ কৈ থৈ দিলো। তাই ইটো সিটো সুধি আছে।মই উত্তৰ দি আছো। আচৰিত তাই মোক লগ পাই ইমান বন্ধুত্বসুলভ আচৰণ অথচ তাইও নতুনকৈ আহিছে কলেজলৈ। আৰু মই ভয়ত পেপুৱা লাগি বহি আছো নিজৰ ওপৰতে খং উঠি গ'ল । অলপ সময়ৰ পাছত ক্লাছত ছাৰ সোমালে সকলোৰে লগত চিনাকি পৰ্ব হ'ল। প্ৰথম ক্লাছটো খুব ভাল লাগিল। আৰু ২ ঘণ্টাৰ মূৰত ক্লাছ অফ্ আছে। ক্লাছৰ সকলোৰে লগত কথা পতা হোৱা নাই যদিও বৰ্ষাই বাহিৰলৈ লগ ধৰিলে। যাবলৈ মন নাছিল যদিও এই ছেগতে কলেজখন চোৱা হ'ব বুলি ওলাই গ'লো তাইৰ লগত। দুয়োজনী  কলেজৰ কেম্পাচ টোৰ সৈতে নতুনকৈ চিনাকি হৈছো। একেবাৰে শেষত কলেজৰ কেণ্টিন খনৰ ফালে গ'লো।
------শেষ। বৰ্ষাৰ হাতখন জোৰেৰে ধৰিলো।
বৰ্ষা------কি হ'ল? 
------ ল'ৰা কেইটামান আছে । ছিনিয়ৰে হ'ব চাগে। নাযাওঁ তাৰলৈ, কিবা কৱ।
বৰ্ষাই একো নহয় বুলি কৈ হাতখন টানি লৈ গুছি গ'ল।
------হে প্ৰভু বচাবা আৰু প্ৰথম দিনতে লাজ নোপোৱাবা। এইজনীৰ যে অলপো লাজ, ভয় নাই দেই (মনতে ভাবিলো)। তেওঁলোকৰ ওচৰ পালোগৈ। ক'লৈকো নাইচোৱা মই, অকল তললৈ চাই গৈ আছো।
------- hey newcomer
প্ৰথমবাৰ দুইজনীয়ে নুশুনাৰ ভাওঁ জুৰিলো । আকৌ চিঞৰিলে। মই নাই চোৱা ।
Part2
দ্বিতীয় বাৰ বৰ্ষাই ওমম বুলি ক'লে। এজনে ক'লে কোন স্কুলৰ পৰা আহিছা। বৰ্ষাই কিবা উত্তৰ দিয়াৰ আগতেই তাইক টানি লৈ গুছি আহিলো।
বৰ্ষা------কি হ'ল অ'?
      ------- একো নাই। তেওঁলোকে যিটি সুধি থাকিব।কিবা নোৱাৰিলে প্ৰথম দিনাই লাজ পাবলৈ মন গৈছে নেকি?
বৰ্ষা------উফফ ! এইজনী।
তেনেকৈয়ে অফ ক্লাচটো পাৰ হ'ল । শেষৰটো ক্লাছ কৰি ছুটি। দুইজনী একেলগেই কলেজৰ পৰা ওলাই আহিছো। যোৱা সময়ত তাইৰ ফোন নম্বৰটো লৈ গাড়ীত বহিলোহি। প্ৰায় আধাঘণ্টাৰ পিছত ঘৰ পালোহি।ভাত কেইটা খাই বিছনাত পৰি দিনটোৰ কথাবোৰ ভাবিলো।
-------ল'ৰাকেইজন চিনিয়ৰ আছিল যেতিয়া মাতিব লাগিছিল আমি।
-------- এই যাহ!! কিবা ক'ৱ নোৱাৰা হ'লে লাজ পালো হেতেন । ভালেই হ'ল একো নকই গুছি আহিলো।
কথাবোৰ ভাবি ভাবি কেতিয়ানো ৰাতি হ'ল গমকে নাপালো । ৰাতিৰ ভাতসাঁজ খাই সোনকালে শুই থাকিলো।

কিৰিং!কিৰিং,,,,
অহ! ৭.৩০ হ'ল চোন। হে প্ৰভু কি হ'ব আজি। ৭ বজাত এলাৰ্ম দি থৈছিলো এতিয়া ৭.৩০ হ'ল। ব্ৰাছডাল লৈ চিধাই বাথৰুমলৈ লৰ দিছো। এফালে মাৰ ভুৰভুৰনি 
------- ৭ তা বজাত এলাৰ্ম দি ৭.৩০ তাত উঠিছ, ভাল হৈছে। আৰু অলপমান এলাৰ্ম বাজিলে বন্ধ কৰি দিবি ।
মাৰ ভাষণ শুনি শুনি ৮.১০ ত ঘৰৰ পৰা ওলাই গাড়ীত বহিলো। কলেজৰ ৱাৰ্নিং বেল দিছে,,
--------উফ্! ৰক্ষা কোনোমতে ক্লাছটো পাইছোহি। বৰ্ষা ফাৰ্ষ্ট বেঞ্চত বহি আছে।
-------- আহিলা, মোৰ আজি দেৰিয়েই হ'ল। তেনেতে মেম্ সোমাই আহিল। চাওঁতে চাওঁতে দুটা ক্লাছ গ'ল। এতিয়া অফ আছে।
      -------- ব'লা ওলাই যাওঁ বাহিৰলৈ। আজি কিন্তু সেইফালে নাযাওঁ দেই।
বৰ্ষা-------- ওম ঠিক আছে।
দুয়োজনী কলেজৰ চেকেণ্ড ফ্লৰলৈ গ'লো । দুদিনতে বৰ্ষাৰ লগত এটা ভাল বন্ধুত্ব গঢ় লৈ উঠিল। ক্লাছৰ ভিতৰতে তাইৰ লগত হে বেছি কথা পতা হয়। 
     -------সেইয়া কালি দেখা ল'ৰা কেইজন নহয়নে? ইয়াতো পালেহি এইবাৰ।
বৰ্ষা------ৰ'ৱাচোন , Senior নহ'বও পাৰে তেওঁলোক।
      -------- নহ'লে এনেই newcomer কব নেকি?
    বৰ্ষা---------- আৰে একো নহয়। আমি side হৈ যাম।
Step টো পাৰ হৈছিলো হে মাত্ৰ। আগুচি ধৰিলে দুয়োজনীকে।
    ---------- মৰিলো। তলমূৰ ওপৰ কৰি চালো।৫জন ল'ৰা। এজন অলপ আঁতৰত ৰৈ আছে আৰু বাকী ৪ জনে আগভেটি ধৰি আছে।
    ----------কালি মাতোতে নামাতি গুছি গ'লা, senior  ক respect কৰিব নাজানা।
    ---------- কালি সেই ছোৱালী দুজনী আমিয়ে আছিলো বুলি ইমান মনত ৰাখি থৈছে নে?(মনতে ভাবিলো)
    ---------- o hello, আপোনালোককে কৈ আছো।
 
        ------- বৰ্ষাক চিকুট মাৰি দিলো।
বৰ্ষা--------- নহয় মানে?
     ---------। কি নহয় মানে ? Senior ক respect কৰিব নাজানা , কাণত ধৰা।

আগলৈ••

🖋️পূৰ্ণিমা হালৈ,গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)