কোনোবা এৰাসুঁতিৰ এৰাল ছিগা মোহনাৰ হিয়া।
স্বচ্ছ বৰষুণৰ টোপালবোৰে পখালি লৈ যায় দুবৰিৰ কত কালান্তৰ,
মোৰ হৃদয়ে যিহে ভিজা বিষ বিয়পাই লৈ যায় ৰক্ত-জুৰিৰ সুঁতিয়ে বিষন্নতাৰ খলখলনি।
পথাৰৰ বকিঁয়াত যিমানবোৰ খণ্ড-বিখণ্ড,
যেন জীৱনৰ দিকদৰ্শন।
কুৰুকি থকা প্ৰাণৰ মমতাত এয়া দ্বিতীয় কুৰুক্ষেত্ৰ।
জীৱনৰ ভাস্কৰ্য্যত যিহে দৌৰাত্ম্য তোলে,
মোৰ হৃদয়ে মাথো অনুধাৱন কৰে;
তোমাৰ গোলাপৰ পাহিত যিয়ে সুৰ সমলয় তোলে,
তাৰ অনুৰণত মোৰো খৰিকাজাঁই দুলে।
নিশাৰ কোলাহলত ফুৰো মই
একাত্মিক হোৱাৰ দিশে মৌনতাৰ স'তে,
সেই ৰাগৰ আকাশতে এটি-দুটি তৰাফুল ফুলে।
স্তদ্ধ হ'ব খোজা লাজুকিবনৰ চেতনাই যেতিয়া মৰহিব ধৰে,
মোৰ হিয়াত বকুল ফুলৰ সুবাসে হেঁচা মাৰে।
জিঞাজনীয়ে পুঙাটোৰ স'তে যেতিয়া দৰিকণা বায়
মোৰ চকুজুৰিত হাঁহি এটি মৰহে।
সেই অনুৰাগতে মোৰ হৃদয়ে স্বচ্ছ কামিজ পিন্ধে।।
📝হোমেন গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ