বেবেৰিবাং

©Admin
0

দীৰ্ঘ দিন ধৰি সি মাজে মাজে আহি থাকে । আজিও আহিছিল । আজি প্ৰথম এটকীয়া পইচা এটা দিয়াত ভিখাৰী জনে মোক প্ৰথম বাৰৰ বাবে উভতি ধৰি--- বাবু ! আগতে আপুনি মোক ১০ টকাকৈ দিছিল । এবছৰৰ পিচৰ পৰা মোক ৫ টকাকৈ দিবলৈ ধৰিলে । মই একো মাত দিয়া নাছিলো । আকৌ এবছৰৰ পিচৰ পৰা আপুনি মোক ২ টকাকৈ দিবলৈ ধৰিলে । মই একো মাত দিয়া নাছিলো । কিন্তু আজিৰ পৰা যে আপুনি ১ টকা দিয়া আৰম্ভ কৰিছে ??
 মই ক'লো-- মই যেতিয়া ডঙুৱা আছিলো তেতিয়া খৰচ কম আছিল সেয়ে তোক ১০ টকাকৈ দিব পাৰিছিলো । তাৰ পিছত মই বিয়া কৰালো --খৰচ বাঢিল -- তেতিয়া তোক ৫ টকাকৈ দিবলৈ ধৰিলো । যেতিয়া মই প্ৰথম কেচুৱাৰ বাপেক হ'লো খৰচ আৰু বাঢিল তেতিয়াৰ পৰা তোক ২ টকাকৈ দিব লগাত পৰিল । এতিয়া বুইছ আৰু এটা কেচুৱাৰ বাপেক হ'লো- সেয়ে আজি তোক
ভিখাৰী অ' তাৰ মানে আপুনি ভিখাৰীৰ টকাৰে সংসাৰ চলাইছে ?
 ক'তে মৰো এতিয়া ৷

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)