সপোনৰ প্ৰজাটি
আজি আনৰ.
মোৰ কোলাত ডাঙৰ দীঘল হোৱা
নিজ পুত্ৰ জনৰ বাবে আজি
মই এটা বোজা..
জীৱনৰ ব্যস্ততাপূৰ্ণ সময়ত
পুত্ৰ-বোৱাৰীয়ে এৰি থৈ যোৱা
বৃদ্ধাশ্ৰম খনেই
মোৰ এতিয়াৰ আশ্রয়স্থল..
মই বাধ্য..
জীৱনৰ সেই পুৰণি বাটটো হেৰুৱাবলৈ
পূৰ্বপুৰুষৰ বিশ্বাসৰ শিকলি ডাল চিঙি
নিজ পুত্ৰই আৱদ্ধ কৰালে
বন্দীৰ মায়াজালত..
জীৱনৰ শেষ সময়ত
বেদনাৰ সংগ..
তথা ভোক অকণমান শান্তিৰ কাৰণে
বৃদ্ধাশ্ৰমৰ সকলোলোক
মোৰ বাবে এটা হাঁহি
এটা এটা পৰিয়াল..
তথাপিও মই নিৰুপায়..
অসুৰক্ষিত...
ৰাতিৰ আন্ধাৰত মোৰ জীপাল বুকুত
এক শিহৰিত কাহিনীয়ে
সাবটিধৰে..
আজি মই দিশহাৰা
সপোনবোৰে বুকুত খুন্দিযায়
ৰক্ত সুৰুজৰ পোহাৰত
উমাল বুকুত দৌৰি ফুৰা স্মৃতিবোৰে
আজিও আমনি কৰে..
জীৱন যুদ্ধত..
মই এগৰাকী যুঁজাৰু
ভাৱনাৰ সাগৰত উতিভাহি
নিজকে প্ৰশ্ন কৰো...
কি বা মই এনে নিষ্ঠুৰ কৰ্ম কৰিলো
যাৰ বাবে আজি মই
নিজ প্ৰজাটি হেৰুৱালো...।
📝শচীন কুৰ্মী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ