অনুতপ্ত

©Admin
0
নীলা শাৰীখন পিন্ধি
খৰখেদা খোজেৰে তুমি
আগুৱাই যোৱা সেই এটি দিন ।
কাঁজল সনা চকুযুৰিৰে
লাজুক- লাজুক চাঁৱনিৰে
মোলৈ চায় মৰা
খোল-পৰা সেই হাঁহিটি
আজিও মোক আমনি কৰে ।
সেই দিনাই অজানিতে মই
তোমাৰ প্ৰেমত পৰিছিলো,
কি ৰাতি, কি দিন
তুমি মাথো তুমি ।
মোৰ উশাহতো, মোৰ নিশাহতো
মোৰ প্ৰতিটো স্পন্দনত তুমি ।
হঠাৎ সেই এটি দিনে
মোৰ হিয়াৰ জুপুৰিত
ধুমুহাই থান-বান কৰিলে ,
তোমাৰ আজন্ম প্ৰেমিক হোৱাৰ সপোন,
মাথো সপোন হৈ ৰ'ল ।
হয়তো মোৰে ভূল আছিল
তোমাৰ অনুমতি বিনে
তোমাৰ প্ৰেমত পৰিছিলো ।
আজিও মই তোমাৰ 
আজন্ম প্ৰেমিক ।

🖋️বহাগী কৰ্মকাৰ
সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)