চোৱাচোন চোৱা
শাওনী পথাৰৰ সেই মনোমোহা দৃশ্যটি ,
প্ৰাণ পাই উঠিছে যেন আজি পথাৰখনে ,
সজাই তুলিছে সমগ্ৰ ধৰণী নিজৰ সেউজী ৰঙেৰে ।
ন ভুঁই ৰোৱলৈ অহা
ৰোৱনিৰ সেই আধাবন্ধা খোপাতি,
কামৰ মাজতে কথাৰ ৰস লৈ
খিল-খিলকৈ হঁহা সেই হাঁহিটি ।
কত যে মনোৰম এটি পৰিৱেশ
সকলো যেন জীপাল হৈ উঠিছে ,
বাজিছে এক অনুৰাগী সুৰ ,
জাগিছে নতুন আশা ,
এক নতুন উদ্দীপনা ।।
শব্দৰে বুজাব নোৱাৰা ,
ভাষাৰে বৰ্ণাব নোৱাৰা ,
অনুভূতিৰ মধুৰতা
শাওনীৰ সেই সেউজী পথাৰত ৷
✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া , ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ